![]()
নিউজ ডেস্কঃ
ৰাজধানীত ট্ৰেক্টৰ সমদলত অংশগ্ৰহণ কৰিবলৈ যোৱা ২১জন কৃষকৰ ২৬ জানুৱাৰীৰ পৰা সন্ধান নাই। কৃষক সংগঠন সংযুক্ত কিষাণ মর্চাৰ (এছকেএম) এই অভিযোগ। সকলো মিলাই এতিয়ালৈকে ১২৫ জন কৃষকৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰা বুলিও জনাইছে তেওঁলোকে।

ট্ৰেক্টৰ সংদলৰ পিছৰ পৰা জে’লত থকা ১১৫জনৰ তালিকা প্ৰকাশ কৰিছে দিল্লী চৰকাৰে। কিন্তু এই পর্যন্ত ২১ জনৰ কোনো সন্ধান নাই বুলি দাবী আন্দোলনত যোগ দিয়া কৃষক ইউনিয়নবোৰৰ। অৱশ্যে এই ক্ষেত্ৰত তেওঁলোকক সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে অৰবিন্দ কেজৰিৱালৰ চৰকাৰে।












