![]()
নিউজ ডেস্কঃ
হাৰিয়ানাৰ কৃষকসকলে আন্দোলনকাৰীসকলৰ কাষত থাকিবলৈ অভিনৱ পন্থা গ্ৰহণ কৰিছে। তেওঁলোকে বিয়াৰ কার্ডত কৃষক আন্দোলনৰ শ্লোগান লিখিছে, ‘কৃষক নহ’লে খাদ্য নাই।’ লগতে আছে তেওঁলোকৰ কৃষক নেতা ছোটু ৰামৰ ছবি।
কৈথালৰ এটি প্রেছ মালিকৰ মন্তব্য, ছোটু ৰামৰ ছবিৰ লগতে ভগৎ সিঙৰ ছবিও আছে বিয়াৰ কার্ডত। তেওঁ কয়, ‘মই বহু কৃষক পৰিয়াল আৰু সাধাৰণ পৰিয়ালক কৈছো, বিয়াৰ কার্ড ছপোৱাৰ সময়ত যেন এই সৰু শ্লোগান ‘কৃষক নহ’লে খাদ্য নাই’ লিখে। আৰু কাষত ভগৎ সিং আৰু ছাৰ ছোটু ৰামৰ সৰু ছবিও যেন ৰাখে।’ হাৰিয়ানাৰ কৃষক প্রেম সিং গোৱাতে নিজৰ পুত্ৰৰ বিয়াৰ কার্ডত এই শ্লোগান ব্যৱহাৰ কৰা বুলি জানিব পৰা গৈছে।

এই প্রসঙ্গত গোৱাতে কয়, ‘নতুন কৃষি আইনৰ বিৰোধিতা কৰি হাজাৰ হাজাৰ কৃষকে আন্দোলন কৰিছে। মই তেওঁলোকৰ সৈতে একাত্মবোধ কৰিছো। মোৰ পুত্ৰৰ বিয়াৰ সময়ত অনুভৱ হ’ল, ছোটুৰাম আৰু ভগৎ সিঙৰ ছবি দিব পাৰি বিয়াৰ কার্ডত। সেই অনুযায়ী কৃষক আন্দোলনক সমর্থন জনাই শ্লোগান, কৃষক নহ’লে খাদ্য নাই৷’












