![]()
নিউজ ডেস্কঃ
কন্যাক মিঠাই কিনি দিবলৈ ৫ টকা বিচাৰিছিল পত্নীয়ে। খঙত নিজৰ ২০ মহীয়া শিশুকন্যাকে আচাৰি মাৰিলে পিতৃয়ে। ২ ফেব্রুৱাৰীৰ এই হৃদয় বিদাৰক ঘটনাটি ঘটিছে মহাৰাষ্ট্রৰ গোন্দিয়া জিলাত। শিশুটিৰ মাতৃৰ অভিযোগৰ ভিত্তিত অভিযুক্তক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে। তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে।
আৰক্ষীয়ে জনোৱা মতে, নিজ কন্যাক হত্যাত অভিযুক্ত ব্যক্তিজনৰ নাম বিবেক উইকে। তেওঁৰ বয়স ২৮ বছৰ। মুম্বাইৰ পৰা প্রায় ৯০০ কিলোমিটাৰ দূৰৈৰ লোনাৰা গাঁৱৰ বাসিন্দা ব্যক্তিজন। আৰক্ষী সূত্ৰে জানিব পৰা মতে, শিশুটিয়ে কন্দা বাবে মাতৃয়ে ‘খাজা’ কিনি দিবলৈ বিবেকৰ পৰা ৫ টকা বিচাৰিছিল। তাৰ পিছতেই শিশুকন্যাটিক আচাৰি মাৰে ব্যক্তিজনে।
২০ মহীয়া শিশুটিৰ মাতৃ বর্ষাই আৰক্ষীক জনায়, ‘‘সন্ধ্যা মোৰ স্বামী ঘৰলৈ অহাত শিশুটিক খাজা কিনি দিবলৈ বুলি ৫ টকা বিচাৰিছিলো। বিবেকে খুচুৰা নাই বুলি কয়। তাৰ পিছত তেওঁ হিংস্র হৈ চিৎকাৰ কৰি থাকে আৰু কন্যাশিশুটিক ঘৰৰ পৰা ডাঙি আনি বাহিৰত আচাৰি আমাৰে। মই বাদা দিবলৈ যোৱাত মোকো মাৰে।’’ ইয়াৰ পিছত বর্ষাই নিজৰ সন্তানক তিৰোদা হাস্পতাললৈ লৈ যায় যদিও তাত চিকিৎসকে মৃত ঘোষণা কৰে।












