![]()
নিউজ ডেস্কঃ
লক্ষ্ণৌ বিমানবন্দৰত হঠাৎ লাগি পৰে হুলস্থুল। ধৰ্ণাত বহি পৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ভাতৃ প্রহ্লাদ মোদী। বিমানবন্দৰলৈ তেওঁক আদৰিব অহা সমর্থকসকলক গ্রেপ্তাৰ কৰাৰ অভিযোগতেই ধৰ্ণাত বহে মোদীৰ ভাতৃ। বিমানবন্দৰত তেওঁক পানী আৰু খাদ্যবস্তু দিয়া হয় যদিও কিন্তু সেয়া মুখত নিদিয়ে প্রধানমন্ত্রীৰ ভাতৃয়ে।
এই প্রসঙ্গত প্রহ্লাদ মোদীয়ে কয়, ‘প্রয়াগৰাজলৈ যোৱাৰ কথা আছিল। বুধবাৰৰ পৰাই তাত আমাৰ অনুষ্ঠান চলিছে। মই বাহিৰত ঘূৰি ফুৰিছো, আৰু মোৰ সমর্থকসকল জে’লত আছে, এইটো সঠিক নহ’ব। সেয়ে ইয়াতে অনশনত বহিছো। মোক পানী আৰু খাদ্য দিয়া হৈছে। কিন্তু, ইয়াৰ পৰা নুঠো।’
তেওঁ লগতে কয়, ‘যেতিয়া আৰক্ষীক সুধিলো যে তেওঁলোকে কিয় এনে কৰিলে, তেওঁলোকে কয়, পিএমঅ’ৰ নির্দেশতে এই সকলোবোৰ কৰা হৈছে। মই তেওঁলোকৰ অৰ্ডাৰ কপি বিচাৰো। কিন্তু তেওঁলোকে নিদিলে। হয় তেওঁলোকে পিএমঅ’ৰ সন্মানহানি কৰাৰ চেষ্টা কৰিছে, নহ’লে তেওঁলোকৰ ওচৰত কোনো নির্দেশ কপি নাই।’
জানিব পৰা মতে, বিমানবন্দৰত হাই ছিকিউৰিটি জোনত ১৪৪ ধাৰা উলংঙ্ঘনৰ অভিযোগত প্রহ্লাদ মোদীৰ সমর্থকসকলক গ্রেপ্তাৰ কৰা হয়। পিছত অৱশ্যে তেওঁলোকক এৰিও দিয়া হয়। মোদীৰ ভাতৃৰ দাবী, বিমানবন্দৰত তেওঁক আদৰিবলৈ প্রায় ১০০ জন সমর্থক আহিছিল। চৌধুৰী চৰণ সিং বিমানবন্দৰৰ অতিৰিক্ত জেনেৰেল মেনেজাৰ (অপাৰেচন) ভূপেন্দ্র সিঙে জনায়, বিয়লি ৪টা বজাত ইণ্ডিগোৰ বিমানত লক্ষ্ণৌত উপস্থিত হয় প্রহ্লাদ। প্রায় এঘণ্টা পিছত তেওঁ বিমানবন্দৰ এৰে।












