![]()
নিউজ ডেস্কঃ
ক্রমান্বয়ে আন্তর্জাতিক মঞ্চত স্থান ল’বলৈ আৰম্ভ কৰিছে দিল্লীৰ কৃষক আন্দোলনে। ইফালে বুধবাৰেই দিল্লীৰ প্রতিবাদী কৃষকসকলৰ কাষত থিয় দি টুইট কৰা দেখা গৈছিল বিশ্বখ্যাত পপষ্টাৰ ৰিহানা, পৰিবেশকর্মী গ্রেটা থনবাৰ্গ, কমলা হেৰিছৰ ভতিজী মীনা হেৰিছক। অৱশ্যে আন্তর্জাতিক চেলিব্রিটিসকলৰ বিৰুদ্ধে থিয় দি চৰকাৰৰ হৈ ওকালতি কৰা দেখা যায় ভাৰতৰ একাধিক খ্যাতনামা ব্যক্তিক। এনে অৱস্থাত পুনৰ আজি গ্রেটা থনবার্গৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে দিল্লী আৰক্ষীয়ে। অৱশ্যে টুইটত ইয়াৰ প্ৰত্যুত্তৰো দিয়ে এইগৰাকী বিশ্বখ্যাত পৰিবেশবিদে।
সূত্রৰ খবৰ অনুযায়ী, পৰিবেশবিদগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে অপৰাধমূলক ষড়যন্ত্র, জাতি আৰু ধর্মৰ ভিত্তিত বিভিন্ন জনগোষ্ঠীৰ মাজত শত্রুতাত উচটনি দিয়াৰ দৰে একাধিক গুৰুতৰ ধাৰাত এফআইআৰ দাখিল কৰিছে দিল্লী আৰক্ষীয়ে। যাক লৈ তুমুল বিতর্ক আৰম্ভ হৈছে ভাৰতীয় ৰাজনীতিতো।
আনহাতে, আজি দিল্লী আৰক্ষীয়ে এফআইআৰ দাখিলৰ খবৰ পোৱা মাত্ৰেই #StandWithFarmers, #FarmersProtest হেজটেগত ওলোটা টুইট কৰা দেখা যায় ছুইডিচ পৰিবেশবিদ গ্রেটা থনবার্গক।
উক্ত টুইটেৰেই যেন পুনৰ নিজৰ অটল মনোভাবৰ কথা বুজাই দিলে গ্রেটা থানবাৰ্গে। স্পষ্ট ভাষাত তেওঁ লিখে, “মই এতিয়াও কৃষক আন্দোলনক সমর্থন কৰো।” হেজটেগ দিয়ক, ‘ফার্মাৰ্ছ প্রটেষ্ট ইন ইণ্ডিয়া’। লগতে অধিক বৃহত্তৰ আন্দোলনৰ প্রস্তুতিৰ কথাও জনোৱা দেখা যায় তেওঁক। উল্লেখ্য, ইয়াৰ আগতেই চলিত বছৰত নোবেল শান্তি বঁটাৰ বাবে মনোনীত গ্রেটাই ফেচবুকত তেওঁৰ সমগ্ৰ বিশ্বৰ ফলোৱাৰসকলৰ উদ্দেশ্যে আবেদন জনাই লিখে, ১৩ আৰু ১৪ ফেব্রুৱাৰীত আপোনালোক সকলোৱে ভাৰতীয় দূতাবাসৰ সন্মুখত প্রতিবাদী কাৰ্যসূচীৰ আয়োজন কৰক। যাক লৈ প্রবল আলোড়ন সৃষ্টি হয় আন্তর্জাতিক ৰাজনীতিত।












