![]()
নিউজ ডেস্কঃ
বলিউড অভিনেত্রী কঙ্গনা ৰানাৱতে লকডাউনৰ সময়ৰ পৰাই নিজৰ বিতর্কিত মন্তব্যৰ বাবে নিয়মিত সংবাদ শিৰোনামত আছে। সেয়া সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ বিষয়েই হওক বা চৰকাৰৰ কৃষি আইনৰ বিৰোধিতাত আৰম্ভ হোৱা কৃষক আন্দোলন সন্দৰ্ভত তেওঁৰ ভিত্তিহীন মন্তব্য, বাৰম্বাৰ শিৰোনামত আছে কঙ্গনা। সম্প্রতি পুনৰ এবাৰ কঙ্গনাই এটি ডাঙৰ আৰু বিতর্কিত মন্তব্য প্ৰকাশ কৰিছে ভাৰতীয় ক্রিকেটাৰসকলক লৈ। ক্রিকেটাৰসকলৰ বাবে কঙ্গনাই আপত্তিকৰ শব্দ ব্যৱহাৰ কৰি এটি টুইট কৰে। বলিউড অভিনেত্রীগৰাকীৰ বিতর্কিত মন্তব্য সেই সময়ত আহিছে যিসময়ত দেশ আৰু বিদেশৰ পৰা ভাৰতত চলি থকা কৃষক আন্দোলন সন্দৰ্ভত বিভিন্ন ধৰণৰ প্রতিক্রিয়া আহিছে।

কঙ্গনাই ক্রিকেটাৰসকলক বুলিলে ‘ধোৱি কা কুত্তা…’
ভাৰতীয় ক্ৰিকেট দলৰ জ্যেষ্ঠ ক্রিকেটাৰ ৰোহিত শর্মাই কৃষক আন্দোলনৰ সমাধান সূত্ৰ বাহিৰ কৰা সন্দৰ্ভত এটি টুইট কৰে। নিজৰ টুইটত ৰোহিত শর্মাই লিখে যে ভাৰতে সকলো সময়তে নিজৰ সমস্যাবোৰক লৈ অসহায় হৈ আহিছে আৰু প্ৰয়োজনৰ সময়ত কোনো নহয় কোনো সমাধান উলিওৱাত আমি একগোট হৈ থিয় দিছো। ৰোহিতৰ এই টুইটৰ প্রতিক্রিয়াত কঙ্গনাই নিজৰ টুইটত এটি অশালীন মন্তব্য দিয়ে আৰু ক্রিকেটাৰসকলৰ তুলনা ধোবাৰ কুকুৰৰ সৈতে কৰে। তাকে লৈ এতিয়া তোলপাৰ নেট দুনিয়া৷ উল্লেখ্য, বলিউড অভিনেত্রীগৰাকীৰ নিজৰ এনে ধৰণৰ ভিত্তিহীন আৰু বিতর্কিত মন্তব্যৰ কাৰণে মানুহে বাৰম্বাৰ লক্ষ্য কৰি লৈছে তেওঁক সমালোচনাৰ বাবে। তৎসত্ত্বেও কঙ্গনাৰ এই অভ্যাসৰ কোনো পৰিবর্তন দেখা যোৱা নাই।












