![]()
নিউজ ডেস্কঃ
আমেৰিকা যে সমগ্ৰ বিশ্বৰ এক নম্বৰ শক্তিধৰ দেশ তাক দোহৰাৰ প্ৰয়োজন নাই। আৰু সেই কাৰণে দেশখনে একাধিক পদক্ষেপ গ্রহণ কৰিবলগা হয়। বিশেষকৈ যিবোৰ দেশত সন্ত্ৰাসবাদীৰ ঘাটি আছে সেইবোৰ দেশত তীক্ষ্ণ দৃষ্টি দেশখনৰ। সেই কাৰণেই প্রচুৰ পৰিমাণে সেনা মোতায়েন কৰি ৰাখিছে সেই দেশবোৰত। এক তথ্য মতে, বিশ্বৰ ১৮০খন দেশত আমেৰিকাৰ প্ৰায় ২ লাখ সেনা মোতায়েন হৈ আছে৷
কিন্তু নিউয়র্ক টাইমছৰ খবৰ মতে মাত্র ৬খন দেশত মার্কিন সেনাবাহিনী প্রত্যক্ষভাবে সামৰিক অভিযানৰ সৈতে জড়িত আছে। সেই দেশকেইখন হৈছে :

১. আফগানিস্তান
আফগানিস্তানত মোতায়েন হৈ থকা মার্কিন সৈন্যৰ সংখ্যা হৈছে ১৩ হাজাৰ। ২০১১ চনৰ ১১ ছেপ্টেম্বৰত যুক্তৰাষ্ট্রৰ নিউয়র্ক আৰু ৱাশ্বিংটন ডিচিৰ ওপৰত আক্ৰমণৰ পিছত তালিবানৰ সৈতে যুঁজিবলৈ এইসকল সেনা প্ৰেৰণ কৰা হয়। মার্কিন যুক্তৰাষ্ট্রৰ ইতিহাসত এইখন হৈছে সকলোতকৈ দীর্ঘস্থায়ী যুদ্ধ। অৱশ্যে মাৰ্কিন নিৰ্বাচনৰ পূৰ্বে তাৰ পৰা ৫০০০ সেনা উভতাই অনা হয়।
২. চিৰিয়া
মাৰ্কিন যুক্তৰাষ্ট্রই তেওঁলোকৰ অনুগত সামৰিক জোঁটক লৈ ২০১৭ চনত ইৰাকত অভিযান চলাই আইএছৰ কবলৰ পৰা ৪৫ লাখ লোকক মুক্ত কৰে। ইয়াৰ পিছৰ পৰাই আইএছে ইৰাক আৰু চিৰিয়াত তেওঁলোকৰ দখলত থকা ৯৮ ভাগ ভূখণ্ডৰ নিয়ন্ত্রণ হেৰুৱায়। চিৰিয়াত বৰ্তমান ১৫০০ মার্কিন সৈন্য তৎপৰ হৈ আছে। এওঁলোকে চিৰিয়ান ডেমোক্ৰেটিক ফৰ্চ, এচডিএফক বিভিন্ন ধৰণৰ সহায়-সহযোগিতা আগবঢ়াই আহিছে।
৩. য়েমেন
মার্কিন বাহিনীয়ে য়েমেনত ইছলামিক ষ্টেটৰ বিৰুদ্ধে অভিযান চলাই আহিছে। আল কায়দা ইন দ্যা আৰব পেনিনছুলা বা একেপৰ বিৰুদ্ধে তেওঁলোকে যুঁজ চলাই আহিছে। চোৰাংচোৱা তথ্য প্রদান কৰা আৰু জোঁটৰ বাহিনীবোৰক সামৰিক সৰঞ্জাম তেওঁলোকে প্রদান কৰে। অৱশ্যে যুক্তৰাষ্ট্রৰ সৈনিকে প্ৰত্যক্ষভাৱে এই যুদ্ধত অংশ লোৱা নাই।

৪. ছোমালিয়া
ছোমালিয়াত মোতায়েন মার্কিন বাহিনীৰ সৈন্য সংখ্যা প্রায় ৫০০-৬০০ জন। তেওঁলোকৰ লক্ষ্য হৈছে ইছলামিক ষ্টেট আৰু আল কায়দাৰ দৰে সন্ত্ৰাসবাদী সংগঠনবোৰৰ ‘সন্ত্রাসবাদী ভাবুকি’ৰ মোকাবিলা কৰা। দেশখনত ১৯৯৩ চনত মার্কিন সৈন্যসকল এক চৰম বিপর্যয়ৰ সন্মুখীন হৈছিল। মার্কিন স্পেচিয়েল ফৰ্চে সেই সময়ত ‘যুদ্ধবাজ’ নেতা মোহাম্মদ ফাৰাহ্ আইডিৰ এজন সোঁহাত স্বৰূপ নেতাক ধৰাৰ চেষ্টা কৰিছিল যদিও উক্ত পৰিকল্পনা ব্যর্থ হয়। অভিযানত ১৮ জন মার্কিন সৈন্য নিহত, ৭০ জন আহত আৰু দুখন ব্লেকহক হেলিকপ্টাৰ বিধ্বস্ত হয়। বর্তমান মার্কিন সামৰিক কর্মকর্তাসকলে ছোমালিয়াত সন্ত্রাসবিৰোধী তৎপৰতাৰ পৰামর্শ দিছে।
৫. লিবিয়া
চৰকাৰীভাবে লিবিয়াত মার্কিন সৈন্যৰ সংখ্যা সীমিত। কিন্তু সৈন্য সংখ্যা কম থকা মানে যে লিবিয়াৰ অভ্যন্তৰত তেওঁলোকৰ তৎপৰতা কম, সেয়া কিন্তু নহয়। মাৰ্কিন কংগ্রেছৰ ৰিপোর্ট অনুযায়ী, মার্কিন বাহিনীয়ে লিবিয়াৰ মৰুভূমিত লুকুৱাই থকা ইছলামিক ষ্টেটৰ অনুগামী সংগঠনবোৰৰ বিৰুদ্ধে নিয়মিতভাবে বিমান আক্ৰমণ চলায়।
৬. নাইজাৰ
নাইজাৰত ৫০০ মার্কিন সামৰিক কর্মকর্তা মোতায়েন আছে। কিন্তু তেওঁলোকৰ কথা ২০১৭ চনৰ অক্টোবৰ পর্যন্ত বিশ্ববাসীৰ অজ্ঞাতে আছিল। সেই সময়ত ইছলামিক ষ্টেটৰ অনুগত এক বাহিনীয়ে মার্কিন সৈন্যসকলৰ ওপৰ গোপনে আক্ৰমণ চলায়। ফলত চাৰিজন মার্কিন সৈন্য নিহত হয়। সেই সময়ত এই ঘটনাক লৈ তীব্ৰ বিতর্ক হৈছিল।
বিঃদ্ৰঃ একাধিক আন্তর্জাতিক সুত্র অনুযায়ী সংখ্যাবোৰ প্রকাশ কৰা হৈছে। সঠিক হিচাব মার্কিন প্ৰশাসনে প্রকাশ কৰা নাই বা এই পৰ্যন্ত পোহৰলৈও অহা নাই।












