![]()
নিউজ ডেস্কঃ
পেট্রোল-ডিজেলৰ ঊর্ধ্বমুখী মূল্যৰ ফলত মূল্যবৃদ্ধিৰ আশঙ্কাত সাধাৰণ জনতাই দিন গণাৰ সময়তে ভূতৰ ওপৰত যেন দানহ পৰিল৷ এইবাৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্যও। ছাবছিডিহীন চিলিণ্ডাৰৰ প্ৰতিটোতে বৃদ্ধি পালে আৰু ২৫ টকাকৈ।
উল্লেখ্য, আন্তর্জাতিক বজাৰত অপৰিশোধিত তেলৰ দাম আৰু গেছৰ মূল্যমানৰ ওপৰত নির্ভৰ কৰি স্থিৰ হয় ভাৰতীয় বজাৰত এলপিজিৰ দাম। ইয়াৰ উপৰি ডলাৰৰ তুলনাত টকাৰ বিনিময় মূল্য বিশ্লেষণ কৰি ভাৰতত তেল আৰু গেছৰ দাম নির্ধাৰণ কৰে ৪টা ৰাষ্ট্ৰীয়কৃত কোম্পানী ইণ্ডিয়ান অয়ল, হিন্দুস্তান পেট্রোলিয়াম, ভাৰত পেট্রোলিয়াম আৰু অয়ল ইণ্ডিয়া লিমিটেডে। বৃহস্পতিবাৰে চাৰিওটা কোম্পানীয়ে এই সকলোকেইটা সূচক বিশ্লেষণ কৰি নতুন দাম নির্ধাৰণ কৰে।












