![]()
নিউজ ডেস্কঃ
২০২১-২২ বিত্তীয় বর্ষৰ বাজেট দাখিল কৰি সোমবাৰে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে পুৰণি গাড়ী বাতিল বা নষ্ট কৰাৰ নীতিৰ কথা ঘোষণা কৰিছিল । উক্ত নীতি অনুযায়ী, ২০ বছৰৰ বেছি বয়সৰ ব্যক্তিগত আৰু ১৫ বছৰৰ পুৰণি বাণিজ্যিক গাড়ী বাতিল কৰা হ’ব। কেন্দ্রৰ এই ঘোষণাৰ ফলত দেশৰ ৬৮ লাখ পুৰণি আৰু ৰাস্তাত চলাৰ অনুপযুক্ত বা অতিৰিক্ত প্ৰদূষণৰ কাৰণ হৈ উঠা গাড়ী বাতিল কৰা হ’ব পাৰে।
কেন্দ্ৰই প্ৰদূষণ নিয়ন্ত্রণত কঠোৰ পদক্ষেপ গ্ৰহণ কৰি বাজেটত এই বিষয়ত চৰকাৰী নীতিৰ কথা ঘোষণা কৰে কেন্দ্রীয় বিত্তমন্ত্রীয়ে। এই নীতিৰ ফলত প্ৰদূষণ নিয়ন্ত্ৰণৰ লগতে গাড়ী উদ্যোগ ক্ষেত্রত ১০ হাজাৰ কোটি টকাৰ নতুন বিনিয়োগ আৰু ৫০ হাজাৰ নতুন কর্মসংস্থাপনৰ প্রতিশ্রুতি প্ৰদান কৰা হৈছে। কেন্দ্রীয় পথ পৰিবহণ আৰু হাইৱে মন্ত্ৰালয়ে শীঘ্ৰেই বিশদভাৱে এই নীতিৰ বিষয়ে জনাব।
ইফালে কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীয়ে ব্যক্ত কৰা মতে, ‘১৫ বছৰৰ পুৰণি প্রায় ৩৪ লাখ আৰু ২০ বছৰৰ অধিক পুৰণি ৫১ লাখ লঘু বাণিজ্যিক গাড়ী আছে। ইয়াৰ উপৰি ১৫ বছৰৰ পুৰণি প্রায় ১৭ লাখ মজলীয়া আৰু গধুৰ বাণিজ্যিক গাড়ী আছে যিবোৰৰ ফিটনেছ চার্টিফিকেট নাই।’ পুৰণি গাড়ী বাতিলৰ নীতি মানি ২০ বছৰৰ পুৰণি ৫১ লক্ষ লঘু বাণিজ্যিক গাড়ী নষ্ট কৰা হ’ব। যিয়ে গাড়ী উদ্যোগত নতুন চাহিদাৰ জন্ম দিব বুলি তেওঁ জনায়। আনহাতে, যিসকল ক্রেতাই পুৰণি গাড়ী বাতিল কৰি নতুন গাড়ী কিনিব তেওঁলোকক আর্থিক বা কৰ ভিত্তিক সুবিধা দিয়াৰ প্রতিশ্রুতিও দিছে কেন্দ্রই।












