![]()
নিউজ ডেস্কঃ
পুনৰ শিৰোনামত কঙ্গনা। এইবাৰ সীমা পাৰ কৰি টুইট যুদ্ধত নামিল কঙ্গনা ৰানাৱট। বিশ্ববিখ্যাত মার্কিন গায়িকা ৰিহানাক তুলাধূনা দিলে। ৰিহানাৰ অপৰাধ হ’ল তেওঁ কৃষক আন্দোলনৰ পক্ষত মাত মাতিছে। ৰিহানাক ‘পপ গায়িকা’ৰ সলনি ‘পর্ন গায়িকা’ বুলি সম্বোধন কৰিলে কঙ্গনাই।
উল্লেখ্য, বিগত ৩ মাহ ধৰি কৃষক আন্দোলনৰ বিপক্ষে যুঁজিছে কঙ্গনাই। দিলজিৎ দোশাঞ্জ, স্বৰা ভাস্কৰ, ৰিচা চা়ড্ডাৰ পৰা আৰম্ভ কৰি বলিউডৰ একাধিক তাৰকাৰ সৈতে দ্বন্দ্বত নামিছিল তেওঁ। এইবাৰ আন্তর্জাতিক স্তৰলৈ গুচি গৈছে অভিনেত্রীগৰাকী। চেলুলয়েডত নহয়, টুইট যুদ্ধৰ মাধ্যমেৰে।
টুইটাৰত এটি পোষ্ট ৰিটুইট কৰি কঙ্গনাই লিখিছে, ‘জগমিত সিঙৰ সৈতে ৰিহানাৰ বন্ধুত্ব। যি জগমিতৰ বিৰুদ্ধে অভিযোগ উঠিছিল, তেওঁ সন্ত্রাসবাদীসকললৈ ধন পঠায়।’ পোষ্টটোত থকা ভিডিওটোৰ পৰা বুজা যায় যে তেওঁ ৰিহানা জগমিতক টুইটাৰত ফল’ কৰিছে, আৰু পোষ্টটি শ্বেয়াৰ কৰি কঙ্গনাই লিখিছে, ‘পর্ন গায়িকা ৰিহানাৰ সৈতে বন্ধুত্ব আছে এই সন্ত্রাসবাদীজনৰ।’
কঙ্গনাৰ লগতে দাবী, ৰিহানাই যৌনতাৰ সহায়ত নিজৰ গান বিক্ৰী কৰে। ব্যক্তিগত আক্রমণত নামি কংগনাই কয়, ‘প্রকৃত সঙ্গীত শিল্পী আৰু শাস্ত্রীয় সঙ্গীত শিল্পীসকলৰ বাহিৰে এই ধৰণৰ গায়ক-গায়িকাসকলে মানুহৰ ওচৰত নিজৰ গান বিক্ৰী কৰে মাংসল শৰীৰৰ ওপৰত নির্ভৰ কৰি। শৰীৰৰ ব্যক্তিগত অংশ দেখুৱাই এওঁলোকে জনপ্রিয়তা লাভ কৰে।’












