![]()
নিউজ ডেস্কঃ
মহামাৰী কৰোনা ভাইৰাছৰ সংক্রমণ ৰুধিবলৈ ২০খন দেশৰ নাগৰিকসকলৰ প্রবেশত পুনৰ নিষেধাজ্ঞা আৰোপ কৰিছে চৌডি আৰবে। বুধবাৰে নিশা ৯ বজাৰ পৰা এই নিষেধাজ্ঞা আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে।
দেশখনৰ গৃহ মন্ত্রণালয়ৰ উদ্ধৃতি দি ৰাষ্ট্রীয় সংবাদ সংস্থা চৌডি প্রেছ এজেন্সিয়ে (এছপিএ) মঙ্গলবাৰে এই নিষেধাজ্ঞাৰ খবৰ দিয়ে।
অৱশ্যে এই নিষেধাজ্ঞাৰ বাহিৰত থাকিব কূটনীতিক, চৌডি নাগৰিক, চিকিৎসা সেৱাত নিয়োজিত আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকল।
নিষেধাজ্ঞাৰ অধীনত পৰা দেশকেইখন হ’ল- আর্জেন্টিনা, সংযুক্ত আৰব আমিৰাট, জার্মানী, মাৰ্কিন যুক্তৰাষ্ট্র, ইণ্ডোনেছিয়া, আয়াৰলেণ্ড, ইটালী, পাকিস্তান, ব্রাজিল, পর্তুগাল, তুৰস্ক, দক্ষিণ আফ্রিকা, ছুইডেন, ছুইজাৰলেণ্ড, ফ্রান্স, লেবানন, মিচৰ, ভাৰত আৰু জাপান।
বিশ্বখ্যাত পৰিসংখ্যা ছাইট ৱার্ল্ডোমিটাৰৰ তথ্য অনুযায়ী, চৌডি আৰবত এই পর্যন্ত কৰোনাত আক্রান্ত হৈছে ৩ লাখ ৬৮ হাজাৰ ৬৩৯ জন। এওঁলোকৰ ভিতৰত মৃত্যু হৈছে ৬ হাজাৰ ৩৮৩ জনৰ। অৱশ্যে ইয়াৰ মাজতে দেশখনত কৰোনা ভাইৰাছৰ টীকাকৰণো আৰম্ভ হৈছে।












