![]()
নিউজ ডেস্কঃ
গণতন্ত্র দিৱসত কৃষকসকলৰ ট্ৰেক্টৰ সমদলত যি হিংসাত্মক ঘটনা সংঘটিত হৈছিল তাৰ বাবে এই পর্যন্ত ১২২ জনক গ্রেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে। তেওঁলোকৰ ভিতৰত আছে ৮০ বছৰীয়া গুৰমুখ সিঙো।
২৯ জানুৱাৰীত গুৰমুখক গ্রেপ্তাৰ কৰে মুখাৰ্জী নগৰ থানাৰ আৰক্ষীয়ে। ধৃতসকলৰ ভিতৰত তেৱেঁই প্রবীণতম। ফতেহগড় চাহিব জিলাৰ শামাসপুৰ গাঁৱত মাত্র ডেৰ একৰ কৃষিভূমি আছে গুৰমুখৰ। তাতেই ধানৰ খেতি কৰে। ৩০ বছৰ পূৰ্বে ভাৰতীয় সেনাবাহিনীৰ পৰা চুবেদাৰ হিচাবে অৱসৰ লয় তেওঁ। এনে এগৰাকী দেশভক্ত গুৰমুখক আৰক্ষীয়ে কেনেদৰে গ্ৰেপ্তাৰ কৰিব পাৰিলে তাকে ভাবি আচৰিত এতিয়া গাঁওবাসী।












