![]()
নিউজ ডেস্কঃ
মাক হত্যা কৰি তেওঁৰেই চিতাত মুৰ্গীৰ মাংস পুৰি খালে কুলাংগাৰ পুত্ৰই ! হয়, এনে এক লোমহৰ্ষক তথা মানৱ সমাজক লজ্জানত কৰা ঘটনা ঘটিছে ঝাড়খণ্ডৰ পশ্চিম সিংভূম জিলাত। ৬০ বছৰীয়া চুমি সোয়েৰ সৈতে পুত্ৰ প্রধান সোয় (৩৫)ৰ অতিৰিক্ত মদ্যপানৰ বাবে প্ৰায়েই অশান্তি হৈ আছিল। মাতৃয়ে নিচা এৰাৰ পৰামর্শ দিবলৈ গ’লে ওলোটোই মাককহে অত্যাচাৰ কৰিছিল পুত্ৰই। সম্প্রতি সেই কন্দলেই উপনীত হয় চৰম পৰ্যায়ত। মদাসক্ত অৱস্থাত পুত্ৰক ঘৰলৈ আহিবলৈ বাধা দিছিল সুমি সোয়ে।
কিন্তু তেওঁৰ কথাত কৰ্ণপাত কৰা নাছিল পুত্ৰই। যোৱা শুক্রবাৰে ঘৰলৈ আহি খঙৰ জোৰত কাঠ এচটাৰে আঘাত কৰে মাতৃ চুমি সোয়েক। লগে লগে মৃত্যুৰ কোলাত ঢলি পৰে তেওঁ। সমগ্ৰ ঘটনা আৰক্ষীৰ পৰা লুকুৱাই ৰাখিবলৈ ততাতৈয়াকৈ ঘৰতেই মাতৃৰ চিতা সাজি সৎকাৰ কৰে পুত্ৰ প্রধানে। লগতে অভিযোগ উঠে, মাতৃৰ চিতাতেই মুৰ্গীৰ মাংস পুৰি খায় কুলাংগাৰ পুত্ৰই। নৃশংসতাৰ তাতেই শেষ নহয়। সেই নিশা মাতৃৰ শৱদেহ সম্পূৰ্ণভাৱে পোৰা নোযোৱাত পিছদিনা পুৱা উঠি আকৌ ‘শেষকৃত্য’ৰ ব্যৱস্থা কৰে। ষ্টভ জ্বলাই শৰীৰৰ বাকী অংশ পুৰিবলৈ আৰম্ভ কৰে প্রধানে। কিন্তু তেতিয়াই বিষয়টো ধৰা পেলায় প্রধানৰ ভগ্নীয়ে। লগে লগে তেওঁ প্রতিবেশীক খবৰ দিয়ে। অভিযুক্তক ধৰি আৰক্ষীক তেওঁলোকেই খবৰ দিয়ে। জানিব পৰা মতে, চাৰি বছৰমান পূৰ্বে নিজ পিতৃ গোপাল সোয়কো খুন কৰিছিল প্রধানে।












