স্বাস্থ্য প্ৰতিবেদন:
পানী স্বাস্থ্যৰ বাবে সকলোতকৈ গুৰুত্বপূর্ণ হিচাবে বিবেচিত হয়। প্রত্যেকেই কয় অধিক পৰিমাণে পানী খোৱা উচিত।চিকিৎসকৰ মতে, প্রত্যেক ব্যক্তিয়ে দিনত ছয়ৰ পৰা সাত লিটাৰ পানী খোৱা উচিত। কিন্তু পানী খোৱাৰ কিছু নিয়ম নামানিলে সমস্যা হ’ব পাৰে। আহক জানি লওঁ কেতিয়া পানী খোৱা উচিত কেতিয়া অনুচিত।
১. কফি বা চাহ খোৱাৰ পিছত কেতিয়াও পানী নাখাব। এইটো কৰিলে হজম ব্যৱস্থা নষ্ট হয় আৰু পেট সংক্রান্ত বহু সমস্যাইও দেখা দিয়ে। চাহ বা কফি খোৱাৰ কমপক্ষেও ৩০ মিনিটৰ ভিতৰত পানী খোৱা উচিত নহয়।
২. ফল খোৱাৰ লগে লগে পানী খোৱা উচিত নহয়।এইটো কৰিলে চর্দি-কাহজাতীয় ৰোগ হ’ব পাৰে। আঙ্গুৰ খোৱাৰ পিছত পানী খালে ডিঙিৰ বিষৰ সমস্যা হয়।
৩. পান খোৱাৰ পিছত পানী খোৱাটো এৰাই চলা উচিত। এইটো কৰিলে শুকান কাহ হ’ব পাৰে।
৪. মিঠাই খোৱাৰ পিছতো পানী খোৱাটো এৰাই চলা উচিত।













