ASSAM TIMES POST
-বনানী শৰ্মা-
‘হিয়া দিয়া নিয়া’, ‘নায়ক’ৰপৰা আৰম্ভ কৰি কেইবাখনো জনপ্ৰিয় চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকৰ মনত স্থান লাভ কৰিবলৈ সক্ষম হোৱা অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰত ফিটনেছ সম্পৰ্কত জনাই যে শৰীৰ চৰ্চা কৰাটো তেওঁৰ পুৰণি অভ্যাস। প্ৰায় ২৮ বছৰ ধৰি তেওঁ শৰীৰ চৰ্চাৰ লগত জড়িত হৈ আছে।
‘মাচুল থাকিলেই যে ফিটনেছ থাকিব তেনে কথা নাই। সকলোৱে মাচুল বনোৱাৰ প্ৰয়োজন নাই।’
তেওঁ শৰীৰ চৰ্চাৰ ধাৰাবাহিকতাটো যথেষ্ট মানি চলে। ৰবি শৰ্মাই কয়, ‘দৈনিক প্ৰতিটো কাৰ্যতে সক্ৰিয় হৈ থকাটোও শৰীৰ চৰ্চাৰ এটা শক্তিশালী দিশ। ব্যক্তি একেৰাহে সক্ৰিয় হৈ থাকিলেহে স্বাভাৱিকভাৱে সবল আৰু সক্ৰিয় হৈ থাকিব পাৰে। শৰীৰটোত এলাহ ভাৱটো আহিবলৈ নিদিয়াটোৱে শৰীৰ চৰ্চাৰ প্ৰধান অংক।’
অভিনয়ৰ চৰিত্র এটাই যেতিয়া ৰবি শৰ্মাক মাচুল ৰাখিবলৈ দাবী জনাই তেতিয়াহে তেওঁ মাচুল হ’ব পৰাকৈ এটা সুস্থ ডায়েট মানি চলে। আন সময়ত তেওঁ এটা সাধাৰণ সুস্থ ডায়েট মানি চলে। সাধাৰণ ডায়েট মানি চলা দিনত কেতিয়াবা আকৌ তেওঁ খাদ্যৰ ক্ষেত্ৰত নিজকে স্বাধীনতা দি বাচ-বিচাৰ নকৰাকৈ খায়। অৱশ্যে আন দিনত তেওঁ পুৱা উঠি ৬ টা কণী, বিভিন্ন ফল-মূল খায়। দুপৰীয়া ৫ খন ৰুটীৰ সৈতে মাছ-মাংস খায়। ৰাতিৰ আহাৰ তেওঁ সোনকালে খায়। ৭.৩০ বজাৰপৰা ৮ বজাৰ ভিতৰত তেওঁ ৰাতিৰ আহাৰ গ্ৰহণ কৰে।
থিয়েটাৰ বা চিনেমাৰ কাম নাথাকিলে তেওঁৰ ব্যায়াম সময়মতে কৰা হয়। কিন্তু চিনেমা বা থিয়েটাৰত ব্যস্ত থকা সময়তো তেওঁ কিছু সময় উলিয়াই হ’লেও ব্যায়াম কৰে।
অভিনয়ৰ বাহিৰে আন সময়ত তেওঁ মেক আপ নকৰে। তেওঁৰ মতে ‘ৰবি শৰ্মা’ প্ৰকৃততে যেনেকুৱা তেনেকুৱাকৈয়ে তেওঁক অসমৰ ৰাইজে আদৰি লোৱাটো বিচাৰে।
তেওঁ আৰু কয়, ‘মাচুল থাকিলেই যে ফিটনেছ থাকিব তেনে কথা নাই। সকলোৱে মাচুল বনোৱাৰ প্ৰয়োজন নাই।’ অৱশ্যে বহুত দিনলৈ সুস্থ আৰু সুন্দৰ হৈ থাকিবলৈ ৰবি শৰ্মাই প্ৰতিজন ব্যক্তিকে দৈনিক ব্যস্ততাৰ মাজতো কিছু সময়ৰ বাবে হ’লেও শৰীৰ চৰ্চা কৰিবলৈ আহ্বান জনায়।