স্বাস্থ্য প্ৰতিবেদন:
শৌচ খোলোচা কৰা দৰবক লেক্সেটিভ বোলে৷ শৌচদ্বাৰৰ ভিতৰত লগোৱা ঔষধ, ডিচপ’জিবল এনেমা আদিও উপলব্ধ৷ কিন্তু এনে ঔষধ দুসপ্তাহৰ ওপৰকাল ব্যৱহাৰ নকৰাই মংগলজনক৷ দীৰ্ঘকাল দৰবৰ সহায়ত চলিলে শৰীৰৰ স্বাভাৱিক প্ৰক্ৰিয়াত আউল লাগিব পাৰে৷
গতিকে ৰোগৰ উৎপত্তিৰ কাৰণ চিনাক্ত কৰি তাক নিৰ্মূল কৰাৰ প্ৰয়াস কৰিব লাগে৷ বহুতবোৰ ঘৰুৱা উপশমো হয় ফলপ্ৰসু। যেনে শুকানকৈ ভজা বুট গুড়ৰ সৈতে খোৱা৷ পকা বেলৰ চৰবতো উপকাৰী৷
গৰ্ভাৱস্থা আৰু কনষ্টিপেচন:
এই সময়ত কমকৈ শাৰীৰিক শ্ৰম হয়৷ আইৰণ পিলৰ প্ৰভাৱ৷ প্ৰজেষ্টৰন হৰমোনৰ প্ৰভাৱত মটিলিন নামৰ হৰমোনৰ প্ৰভাৱ কমি যায়৷ বৰ্ধিত ইউটেৰাচে উৎপন্নন কৰা চাপৰ ফলত৷ ১১ শতাংশৰ পৰা ৩৫ শতাংশ মহিলাই গৰ্ভকালীন কনষ্টিপেচনত ভোগে৷
পাইলচ আৰু কনষ্টিপেচন :
• শৌচদ্বাৰ সতৰ্কতাৰে ভালদৰে পৰিষ্কাৰ কৰক৷
• এন্টিইনফ্লেমেটৰী ষ্টেৰয়েডযুক্ত মলম শৌচদ্বাৰৰ ভিতৰত চৌদিশে লগাব৷
• শাক-পাচলি, সতেজ ফলমূল আদি উচ্চ ফাইবাৰযুক্ত খাদ্য প্ৰচুৰ পৰিমাণত গ্ৰহণ কৰক৷
• পানী দৈনিক যথেষ্ট পৰিমাণত খাবলৈ নাপাহৰিব৷
মোখনিত ক’বলগীয়া:
পৰিপাটি জীৱন শৈলী, অযথা চিন্তা পৰিহাৰ কৰা, উচিত নিদ্ৰা, নিয়মিত আধা ঘন্টাৰ ব্যায়াম, মদ্যপান-ধুম্ৰপান ত্যাগ কৰা, যধেমধে চিকিৎসকৰ পৰামৰ্শ অবিহনে দৰব গ্ৰহণ কৰাৰ অভ্যাস এৰা, নিতৌ চাৰি লিটাৰ পানী খোৱা, ফাষ্টফুডৰ সংগ নিদিয়া, শাক-পাচলি আৰু ফলমূল খাদ্যত সন্নিবিষ্ট কৰা আদি হ’ল শৌচকচাৰ পৰা বাচি ৰোৱাৰ মূলমন্ত্ৰ৷
ডাঃ ভূপেন শইকীয়া
ই-মেইল drbksaikia@gmail.com মোবাইল/ৱাটচএপ ৯৪৩৫০৪৮০৫৫














