ASSAM TIMES POST
নগাঁওঃ নগাঁৱৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান ‘চিনেমালয়’ৰ উদ্যোগত আৰু আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ সহযোগত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় প্ৰেক্ষাগৃহত আৰম্ভ হৈছে ‘দ্বিতীয় নগাঁও আন্তৰ্জাতিক চুটি ছবি আৰু তথ্যচিত্ৰ মহোৎসৱ’। এই মহোৎসৱৰ প্ৰতিযোগিতা শাখাত দেশ-বিদেশৰ সৰ্বমুঠ ১৫০ খন চুটি ছবি আৰু তথ্যচিত্ৰৰ ভিতৰত ৫৫ খন ছবি জুৰিৰ বাচনিত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে ৷
ইয়াৰে আমেৰিকা যুক্তৰাষ্ট্ৰ, জাৰ্মানী, বাংলাদেশ, চিংগাপুৰ, পৰ্টুগাল, স্পেইন, ইউনাইটেড আৰব এমিৰেটচ্, ইউক্ৰেইন, হাংগেৰী, নেদাৰলেণ্ড আদি দেশৰ ৭ খন চুটি ছবি আৰু ৬ খন তথ্যচিত্ৰ জুৰীৰ বাচনিত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে ৷ মহোৎসৱৰ দিনকেইটাত পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈকে এই ছবি সমূহ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ শীত-তাপ নিয়ন্ত্ৰিত প্ৰেক্ষাগৃহত প্ৰদৰ্শিত হ’ব৷
সমান্তৰালকৈ প্ৰতিদিনেই সন্ধিয়া ৬ বজাৰ পৰা মহাবিদ্যালয়ৰ মুকলি স্থানত অসমৰ লোক-সংস্কৃতিক মূল থীম হিচাপে লৈ অনুষ্ঠিত হ’ব বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান ৷ অন্যহাতে, ডকুমেন্টৰী ফিল্ম নিৰ্মানত আগ্ৰহী স্থানীয় শিল্পী সকলৰ সহায় হোৱাকৈ মহোৎসৱ স্থলীতে অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ তথ্যচিত্ৰ নিৰ্মানৰ এক কৰ্মশালা৷ কৰ্মশালাখনিত সমল ব্যক্তিৰূপে উপস্থিত থাকিব পোলেণ্ডৰ তথ্যচিত্ৰ নিৰ্মাতা-পৰিচালক-চিত্ৰ নাট্যকাৰ ক্ৰমে টমাজ স্টানকিৱিজ আৰু জ’ফিয়া প্ৰে’গ্ৰোৱাস্কা৷
চলচ্চিত্ৰ মহোৎসৱৰ বিভিন্ন কাৰ্যসূচীত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁৱৰ উপায়ুক্ত যাদৱ শইকীয়া, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতী, বিশিষ্ট তথ্যচিত্ৰ নিৰ্মাতা, সমালোচক পাৰ্থজিৎ বৰুৱা, চলচিত্ৰ ৰসিক-সমালোচক ডাঃ পাৰ্থসাৰথি বৰুৱা, বিশিষ্ট কবি-সাহিত্যিক জীৱন নৰহ, বিশিষ্ট সাহিত্যিক-সমালোচক অৰিন্দম বৰকটকী, ড° অজিত ভৰালীৰ লগতে মহোৎসৱৰ জুৰীৰ সদস্যত্ৰয় ক্ৰমে অৰূপ মান্না, শিৱানন্দ কাকতি আৰু প্ৰবীন হাজৰিকাই অংশগ্রহণ কৰিব।
আনহাতে ৰাষ্ট্ৰীয় খ্যাতি-সম্পন্না চলচিত্ৰ পৰিচালিকা মঞ্জু বৰাৰ উপৰি অসমৰ চলচিত্ৰ উদ্যোগৰ লগত জড়িত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগত অনুষ্ঠিত হ’ব এক ‘অন্তৰংগ আলাপ’ ৷
২৫ আগষ্টত অনুষ্ঠিত সামৰণি অনুষ্ঠানত মহোৎসৱত অংশগ্ৰহনকাৰী ছবি সমূহৰ বিভিন্ন শাখাত বিজয়ী সকলক পুৰস্কাৰ প্ৰদান কৰা হ’ব ৷ চলচ্চিত্ৰ মহোৎসৱখনি সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে মহোৎসৱ সঞ্চালক খঞ্জন কিশোৰ নাথে ৰাইজৰ সহায়-সহযোগিতা তথা উপস্থিতি কামনা কৰিছে।












