![]()
নিউজ ডেস্কঃ
হাৰিয়ানাৰ গুৰুগ্রামৰ পৰা এটি মর্মাহত ঘটনা প্রকাশ পাইছে। তাত এজন ব্যক্তিয়ে এগৰাকী ২২ বছৰীয়া কিশোৰীক ৭ বছৰ ধৰি ধর্ষণ কৰা বুলি অভিযোগ। লগতে অভিযোগ কৰা হৈছে যে ধর্ষণ কৰাৰ সময়ত তেওঁৰ এটি ভিডিও কৰিছিল আৰু তাৰ পিছত ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰে। ভুক্তভোগী যুৱতীগৰাকীয়ে জনায় যে, ২০২০ চনৰ ছেপ্টেম্বৰত অভিযুক্তই জোৰ কৰি তেওঁক দিল্লীৰ এটি মন্দিৰত বিয়া কৰাবলৈ বাধ্য কৰে।
বৃহস্পতিবাৰে হাৰিয়ানাৰ গুৰুগ্রামৰ ছেক্টৰ -১২ থানাত অভিযুক্তৰ বিৰুদ্ধে নৃশংসতাৰ অভিযোগ দাখিল কৰা হৈছে। তাৰ পিছত আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।
গুৰুগ্রামৰ ছেক্টৰ -১২ৰ প্রেম নগৰৰ বাসিন্দা ভুক্তভোগীয়ে সুনীল নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে ৭ বছৰ ধর্ষণ কৰাৰ অভিযোগ কৰিছে। অভিযুক্তইও একেই অঞ্চলত বাস কৰে।












