![]()
নিউজ ডেস্কঃ
দেশৰ সকলো বিজেপি শাসিত ৰাজ্যত নিষিদ্ধ হওক মদ। বিজেপিৰ সর্বভাৰতীয় সভাপতি জেপি নাড্ডাৰ ওচৰত এই আবেদন জনালে মধ্যপ্রদেশৰ বর্ষীয়ান বিজেপি নেত্রী উমা ভাৰতীয়ে। বৃহস্পতিবাৰে এটাৰ পিছত আন এটাকৈ মুঠ আঠটা টুইট কৰি এই আবেদন জনাইছে তেওঁ। সম্প্রতি মধ্যপ্রদেশত মদৰ দোকান বৃদ্ধিৰ কথা কৈছিল ৰাজ্যৰ গৃহমন্ত্রীয়ে। সেই প্রসঙ্গত এইবাৰ মুখ খোলে মধ্যপ্রদেশৰ প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে।
উল্লেখযোগ্য যে সম্প্রতি মধ্যপ্রদেশত বিষক্ৰিয়াৰ ফলত বহু কেইটা মৃত্যুৰ ঘটনা ঘটিছে। তথাপিও ৰাজ্যখনত মদৰ দোকান বৃদ্ধিৰ পোষকতা কৰিছে ৰাজ্যৰ গৃহমন্ত্রীজনে। অৱশ্যে মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে জনাইছে, এই ক্ষেত্ৰত এতিয়াও কোনো সিদ্ধান্ত তেওঁ লোৱা নাই। সেই প্রসঙ্গও উল্লেখ কৰিছে উমাৰ টুইটত। শিৱৰাজৰ ভূয়সী প্রশংসা কৰিছে তেওঁ। তেওঁ লিখিছে, ”মধ্যপ্রদেশ চৰকাৰে এতিয়াও সিদ্ধান্ত লোৱা নাই ৰাজ্যত মদৰ দোকানৰ সংখ্যা বৃদ্ধি কৰিব নে নাই। এই প্রসঙ্গত মুখ্যমন্ত্রীৰ বিবৃতি অত্যন্ত প্রশংসনীয়।”












