![]()
নিউজ ডেস্কঃ
পথৰ নাম পৰিবর্তন কৰি সুশান্ত সিং ৰাজপুতৰ নামত কৰাৰ প্রস্তাব গৃহীত হ’ল। কংগ্রেছ নেতা অভিষেক দত্তৰ এই প্রস্তাব গৃহীত কৰিলে ছাউথ দিল্লী মিউনিচিপাল কর্পোৰেচনে। প্রয়াত অভিনেতাজনৰ জন্মদিনত এই খবৰে অনুৰাগীসকলৰ মুখত হাঁহি বিৰিঙাইছে।
কংগ্রেছ নেতাজনে দাবী জনাইছিল, সুশান্ত ইঞ্জিনিয়াৰিঙৰ ছাত্র আছিল। দিল্লীৰ সৈতেও তেওঁৰ যোগসূত্র আছিল। সেয়ে তেওঁৰ সন্মানত এন্ড্রুজ গঞ্জ ৱার্ডত ৪ নম্বৰ ৰোড অর্থাৎ এন্ড্রুজ গঞ্জৰ পৰা ইন্দিৰা কেম্প পর্যন্ত পথছোৱাৰ নাম সুশান্তৰ নামত কৰা হওক। স্থানীয় বাসিন্দাসকলৰো দাবী আছিল পথটোৰ নাম সলনি কৰি কৰা হওক সুশান্ত সিং ৰাজপুত মার্গ।
অভিষেক দত্তৰ মতে, সুশান্ত সিং ৰাজপুত দেশৰ গৌৰৱ। মধ্যবিত্ত পৰিয়ালৰ পৰা উঠি আহি ডাঙৰ মঞ্চত নিজৰ নাম প্রতিষ্ঠা কৰিছে তেওঁ। কেৱল সেয়াই নহয়, দিল্লী টেকনলজিকেল ইউনিভাৰ্ছিটীৰ ইঞ্জিনিয়াৰিঙত প্রবেশ পৰীক্ষাত সপ্তম স্থান অধিকাৰ কৰিছিল সুশান্তই।












