![]()
নিউজ ডেস্কঃ
অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ বাবে অনুদান দিবলৈ এইবাৰ আগবাঢ়ি আহিল বিজেপি সাংসদ তথা প্রাক্তন ক্রিকেটাৰ গৌতম গম্ভীৰ। মন্দিৰ নিৰ্মাণৰ বাবে ১ কোটি টকাৰ অনুদান দিছে গৌতম গম্ভীৰে। সকলো ভাৰতীয়ৰ স্বপ্ন অযোধ্যাৰ মন্দিৰৰ বাবে তেওঁ আৰু তেওঁৰ পৰিয়ালে এই অনুদান দিয়া বুলি জনাইছে বিজেপি সাংসদগৰাকীয়ে।

এই প্রসঙ্গত এক বিবৃতিত পূব দিল্লীৰ সাংসদগৰাকীয়ে জনাইছে, ‘গৌৰবময় ৰাম মন্দিৰ সকলো ভাৰতীয়ৰ বাবে এক স্বপ্ন। ই একতাক আৰু মজবুত কৰিব। মোৰ আৰু আমাৰ পৰিয়ালৰ তৰফৰ পৰা সামান্য অনুদান আগবঢ়ালো।’












