![]()
নিউজ ডেস্কঃ
বিধ্বংসী জুই পুনৰ চিৰাম ইনষ্টিটিউটত। উল্লেখযোগ্য বিষয় হ’ল, এই চিৰাম ইনষ্টিটিউটতেই নিৰ্মাণ হৈছে কোভিশিল্ড টীকা। যিটো বৰ্তমান সমগ্র ভাৰতৰ বাবে স্বাভাৱিকতে অক্সিজেনসম।
আৰু সেই টীকা কাৰখানাতেই জুই লগাত দুশ্চিন্তা বিয়পি পৰে। অৱশ্যে কোম্পানীটোৱে জনোৱা মতে, সম্পূর্ণ সুৰক্ষিত অৱস্থাত আছে টীকা।
ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ ১০খন গাড়ী। বৰ্তমান জুই নিয়ন্ত্রণত বুলি জানিব পৰা গৈছে।অগ্নিকাণ্ডত ৫ জন লোক নিহত হৈছে ।
কিন্তু প্রশাসনিক ভৱনৰ অনেকাংশই ক্ষতিগ্রস্ত হৈছে বলে জনোৱা হৈছে। জুই লগা অংশত এজন ব্যক্তি আবদ্ধ হৈ থকা বুলিও খবৰ।
জানিব পৰা মতে, বৃহস্পতিবাৰে দুপৰীয়া হঠাৎ জুই লাগে চিৰাম ইনষ্টিটিউটৰ এটি অংশত। মুহূর্ততেই সেই জুই বিয়পি ছড়িয়ে পৰে। ফলত আতঙ্ক ক্রমে বৃদ্ধি পায়। কিন্তু আশাৰ কথা হ’ল যে য’ত টীকা নিৰ্মাণ হৈছে তাৰ আশেপাশে জুই গৈ পোৱা নাই।












