![]()
নিউজ ডেস্কঃ
প্ৰবল চাপত নতিস্বীকাৰ ! পূৰ্বৰ নলানি বৈঠক ফলপ্রসূ হোৱা নাছিল। কিন্তু বুধবাৰে আন্দোলনৰত কৃষক আৰু কেন্দ্রৰ দশমলানি বৈঠকে কিছু হ’লেও ইতিবাচক গতি ল’লে।
আন্দোলনৰত কৃষকসকলৰ দাবী কার্যত মানি লোৱাৰ পথত কেন্দ্র। আজিৰ বৈঠকত কৃষিমন্ত্রী নৰেন্দ্র সিং তোমৰে কৃষকসকলক জনায়, আগন্তুক এক বা ডেৰ বছৰৰ বাবে বিতর্কিত তিনিখন কৃষি আইন স্থগিত ৰাখিব কেন্দ্রই। কেৱল সেয়াই নহয়, ছুপ্রিম কোর্টত শপতনামা দি আইন স্থগিত ৰখা আৰু কমিটি গঠন কৰাৰ কথাও জনাব কেন্দ্রই। ইফালে কাইলৈ আলোচনাত বহিব কৃষক সংগঠনবোৰ। তাতেই তেওঁলোকে এই ক্ষেত্ৰত সিদ্ধান্ত ল’ব। তাৰ পিছত অহা ২২ জানুৱাৰীত একাদশলানি বৈঠকত চৰকাৰৰ সন্মুখত তেওঁলোকৰ নিজৰ বক্তব্য ৰাখিব।
আজি বৈঠকৰ পিছত কৃষিমন্ত্রী তোমৰে কয়, “আলোচনাৰ সময়ত কৃষকসকলক জনোৱা হৈছে যে চৰকাৰ এক বা ডেৰ বছৰৰ বাবে বিতর্কিত কৃষি আইন স্থগিত ৰাখিবলৈ প্রস্তুত। কৃষক সংগঠনবোৰ চৰকাৰৰ এই প্রস্তাবত সুখী।”












