ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : শৰীৰত জিংকৰ প্ৰয়োজন আৰু ইয়াৰ ব্যৱহাৰ সম্পৰ্কে কিছু জানিবলগীয়া কথা

ASSAM TIMES POST by ASSAM TIMES POST
January 21, 2021
Reading Time: 2 mins read
A A
0
স্বাস্থ্য : শৰীৰত জিংকৰ প্ৰয়োজন আৰু ইয়াৰ ব্যৱহাৰ সম্পৰ্কে কিছু জানিবলগীয়া কথা

Foods Highest in Zinc. Healthy diet food. Flat lay

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

স্বাস্থ্য প্ৰতিবেদন:

জিংকৰ বিষয়ে প্ৰতিটো কথাই খৰচি মাৰি আলোচনা কৰাটো অতিকৈ দৰকাৰী কথা৷ আশাকৰো মোৰ এই আলোচনাটো পঢ়ি পাঠকসকলে জিংকৰ উপযোগিতা আৰু তাৰ অভাৱত হোৱা বিপদসমূহৰ বিষয়ে অৱগত হৈ স্বাস্থ্য সচেতনতা অৱলম্বন কৰিব পাৰিব৷ লগতে বিনম্ৰভাবে জনাওঁ যে আপোনালোকে জিংকৰ সেৱন ডাক্তৰৰ পৰামৰ্শ অনুসৰিহে উচিত মাত্ৰাত কৰে যেন৷

জিংক কি ?

আইৰণ, কেলচিয়াম আৰু ক’পাৰৰ দৰে জিংক আমাৰ শৰীৰৰ বাবে এক অত্যন্ত লাগতিয়াল খনিজ৷ জিংক মানৱ শৰীৰৰ প্ৰতিটো কোষতেই থাকে৷ প্ৰাপ্তবয়স্ক পুৰুষ আৰু মহিলা উভয়ৰে তেজৰ চেৰামত থকা জিংকৰ পৰিমাণ হ’ল ০.৬৬ ৰ পৰা ১.১ মাইক্ৰগ্ৰাম %, আকৌ ১০বছৰৰ তলৰ শিশুৰ চেৰামত থকা জিংকৰ পৰিমাণ হ’ল ০.৬০ ৰ পৰা ১.২ মাইক্ৰগ্ৰাম %৷ জিংক আমাৰ শৰীৰত উৎপাদন নহয়৷ বাহিৰৰ খাদ্য বা আন স্ৰোতৰ (যেনে ঔষধি) পৰা জিংক শৰীৰে আহৰণ কৰিব লাগে৷

আমাৰ শৰীৰক দৈনিক কিমান পৰিমাণৰ জিংকৰ প্ৰয়োজন হয়?

এগৰাকী মহিলাক স্বাভাৱিক অৱস্থাত ৮ মিলিগ্ৰাম জিংকৰ প্ৰয়োজন হয়৷ গৰ্ভাৱস্থাত আৰু স্তনপান কৰোৱা অৱস্থাত বেছিকৈ জিংকৰ প্ৰয়োজন হয়৷ এজন পুৰুষক দৈনিক ১১ মিলিগ্ৰাম জিংকৰ প্ৰয়োজন হয়৷ বৃদ্ধাৱস্থাত Absorption কম হয় বাবে কিছু অধিক পৰিমাণত জিংক বাহিৰৰ পৰা ঔষধৰ ৰূপত যোগান ধৰিবলগীয়া হয়৷

জিংক কি কি খাদ্যত পোৱা যায়?

নিৰামিষৰ তুলনাত আমিষ খাদ্যত জিংক বেছিকৈ থাকে৷ সতৰ্ক নহ’লে সম্পূৰ্ণ নিৰামিষভোজী লোক জিংকৰ অভাৱত ভোগাৰ সম্ভাৱনা থাকে৷ এনে লোকক জিংক থকা দৰব খাবলৈ দিবলগীয়া হয়৷

জিংক থকা আমিষ খাদ্য হ’ল- সাগৰীয় মাছ (যেনে চালমন আৰু চাৰডিন মাছ) বা চি-ফুড যেনে অইষ্টাৰ, কেকোৰা ইত্যাদি৷ ৰঙা মাংস আৰু কণী৷
জিংক থকা নিৰামিষ খাদ্য হ’ল- গাখীৰ আৰু ডেইৰী প্ৰডাক্ট, ফলমূল আৰু শাক পাচলিৰ উদাহৰণ হ’ল- আভাকাডো, ডালিম, আনাৰস, তৰমুজ, আহোম বগৰী, নানাবিধ বেৰী আৰু পালেং, নহৰু, বীন৷ শুকান ফলৰ ভিতৰত কাজুত জিংক বুজন পৰিমাণত থাকে৷ বাদাম, আখৰোট, আলসী গুটি, তিল,ৰঙা লাউৰ গুটিত জিংক থাকে৷

শৰীৰত জিংকৰ প্ৰয়োজনীয়তা কি?

· জিংকৰ প্ৰয়োজন শৰীৰৰ সুৰক্ষা প্ৰণালী (ইমিউনিটি) বাহাল ৰাখিবলৈ৷
· জিংকৰ প্ৰয়োজন ডি এন এ নিৰ্মাণৰ বাবে৷
· জিংকৰ প্ৰয়োজন শৰীৰৰ মেটাবলিজম চলাই যাবলৈ৷
· জিংকৰ প্ৰয়োজন শৰীৰৰ বিভিন্ন এনজাইমৰ ক্ৰিয়াকলাপ চলাই যাবলৈ৷
· জিংকৰ প্ৰয়োজন শৰীৰৰ প্ৰটিন আৰু ক’লাজেন টিছু নিৰ্মাণৰ বাবে৷
· জিংকৰ প্ৰয়োজন শৰীৰৰ মস্তিষ্কৰ সক্ৰিয়তা বঢ়াবলৈ৷
· বিশ্বৰ প্ৰায় ১০শতাংশ লোক শালমনৰ (acne) সমস্যাত ভোগে৷ জিংক খালে আৰু লগালে শালমন আৰোগ্য হয়৷
· জিংকৰ দ্বাৰা চকুৰ দৃষ্টিশক্তিৰ উন্নতি হয়৷ জিংকৰ অভাৱত কুকুৰীকণা আৰু Macular degeneration হ’ব পাৰে৷
· ছাল আৰু চুলিৰ সুৰক্ষাৰ বাবে জিংক অপৰিহাৰ্য৷
· জিংকে Inflammation কমাই ফুলা অংশ সোনকালে জামৰাত আৰু শুকোৱাত সহায় কৰে৷
· জিংকৰ অভাৱত প্ৰজনন শক্তি হ্ৰাস হয়৷
· জিংকৰ অভাৱত শৰীৰৰ বিকাশ বাধাপ্ৰাপ্ত হয়৷

জিংকৰ অভাৱত কি কি হ’ব পাৰে?

এক সমীক্ষামতে বিশ্বৰ ২৫ শতাংশ লোক জিংকৰ অভাৱত নানাবিধ অসুখত ভুগি থকা বুলি জনা যায়৷
– ঘা শুকোৱাত পলম হোৱা৷
– মূৰৰ চুলি বৰকৈ সৰা৷
– সঘনাই নানান সংক্ৰমণ হোৱা৷
– নাকৰ ঘ্ৰাণশক্তি লোপ পোৱা৷
– খাদ্যত স্বাদ নোপোৱা৷
– সঘনাই ডায়েৰিয়া হোৱা৷
– মুখত বাৰে বাৰে ঘা হোৱা৷

কি কি কাৰণত শৰীৰত জিংকৰ অভাৱে দেখা দিব পাৰে?

* উপযুক্ত খাদ্যৰ অভাৱ৷
* অতিমাত্ৰা মদ্যপান৷
* পাক প্ৰণালীৰ অপাৰেচন৷
* বাৰ্ধক্যজনিত৷
* কিডনি আৰু লিভাৰৰ ৰোগ থাকিলে৷

অতিমাত্ৰা জিংকৰ পাৰ্শ্বক্ৰিয়া কি হ’ব পাৰে?

ডায়েৰিয়া, মূৰৰ বিষ, বমি, ওকালি, আভোক, উপকাৰী ক’লেষ্টেৰল (HDL) নিৰ্মাণত বাধাপ্ৰাপ্ত হোৱা, ক’পাৰ Absorption বাধাপ্ৰাপ্ত হোৱা৷ ইয়াৰে অন্তিম দুটা পাৰ্শ্বক্ৰিয়া বেচ চিন্তাজনক৷ সেয়ে সকলোকে অনুৰোধ শৰীৰৰ ইমিউনিটি বঢ়োৱাৰ বাবে চিকিৎসকৰ লগত আলোচনা নকৰাকৈ জধেমধে ফাৰ্মাচীৰ পৰা দৰব ক্ৰয় কৰি নিজক বিপদৰ মুখলৈ ঠেলি নিদিয়ে যেন৷

মোখনিত জিংকৰ ওপৰত কৰা কেইটিমান প্ৰয়োগৰ প্ৰকাশিত বিৱৰণ পাঠকৰ জ্ঞাতাৰ্থে দাঙি ধৰিলোঁ৷

* ৬০জন ডায়েবেটিক ভৰিৰ ঘা থকা ৰোগীক দিনে ২০০ মিলিগ্ৰাম           জিংক দিয়াত ১২ সপ্তাহত ঘা শুকায় ৷
* বৃদ্ধ লোকক ৮০ মিলিগ্ৰাম জিংক দৈনিক নিয়মীয়াকৈ দিয়াত                 দৃষ্টিশক্তিৰ বেচ উন্নতি দেখা গ’ল৷ আকৌ তেনে বয়সিয়াল লোকক         দৈনিক ৪৫ মিলিগ্ৰাম জিংক সেৱন কৰোৱাত সংক্ৰমণ ৬০ শতাংশ       হ্ৰাস পোৱা দেখা গ’ল৷
* কমেও সাতটা প্ৰতিষ্ঠানত কৰা অধ্যয়নত দেখা গ’ল যে নিতৌ ৮০           মিলিগ্ৰাম জিংক সেৱন কৰিলে চৰ্দি-পানীলগাৰ পৰিমাণ ৩০ শতাংশ      হ্ৰাস পায় ৷

ডা: ভূপেন শইকীয়া
যোগাযোগ ইমেইল – drbksaikia@gmail.com
ৱাটচএপ – 94350 48055

Tags: Health and Wellness
Share4Tweet3Send

Related Posts

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
নেপালৰ দৰে পাকিস্তানত হ’ব নেকি জেন-জি বিদ্ৰোহ, ছ’চিয়েল মিডিয়া বন্ধ কৰাৰ প্ৰস্তুতি আতংকিত চৰকাৰৰ
ALL NEWS

নেপালৰ দৰে পাকিস্তানত হ’ব নেকি জেন-জি বিদ্ৰোহ, ছ’চিয়েল মিডিয়া বন্ধ কৰাৰ প্ৰস্তুতি আতংকিত চৰকাৰৰ

by Staff Reporter
December 12, 2025
50
বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম
ALL NEWS

বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম

by Staff Reporter
December 12, 2025
50
ADVERTISEMENT
Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল
National-International

Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল

May 8, 2026
50
Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ
Guwahati

Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

May 8, 2026
50
Dhubri Police Constable I ধুবুৰীত আৰক্ষীৰ কনিষ্টবলক মাৰপিট: মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ
National-International

‎অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত ম্যানমাৰৰ নাগৰিকক সন্দেহজনক আফিং আৰু নগদ ধনৰ সৈতে গ্ৰেপ্তাৰ

May 8, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

‎ট্ৰাম্পৰ শুল্কৰ সন্দৰ্ভত আদালতৰ মন্তব্য I বিভিন্ন দেশৰ ওপৰত আৰোপ কৰা ১০ শতাংশ শুল্ক অবৈধ আৰু আইন বিৰুদ্ধ 

May 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল

Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল

May 8, 2026
Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

May 8, 2026
Dhubri Police Constable I ধুবুৰীত আৰক্ষীৰ কনিষ্টবলক মাৰপিট: মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ

‎অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত ম্যানমাৰৰ নাগৰিকক সন্দেহজনক আফিং আৰু নগদ ধনৰ সৈতে গ্ৰেপ্তাৰ

May 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx