ASSAM TIMES POST
গুৱাহাটীঃ “দোৱনীয়া” উপাধিৰ লোকসকলৰ সংখ্যা অসমত অতি তাকৰ৷ আহোম ৰজা দিনত দুভাষী হিচাপে যিসকল লোকে কাম কৰিছিল সেই লোকসকলক ৰজাই “দোৱনীয়া” হিচাপে স্বীকৃতি দিছিল৷
কিন্তু কেতবোৰ লোকে এই লোকসকলৰ পৰিচয় বিকৃতি কৰি উপস্থাপন কৰিছিল৷ বুৰঞ্জীৰ পাতত “দোৱনীয়া”সকলৰ বিষয়ে সবিশেষ পোৱা নাযায়৷ এনে পটভূমিত প্ৰমোদ কুমাৰ দোৱনীয়াই বহু তথ্য সংগ্ৰহ কৰি যুগত কৰি উলিয়ালে “ছদ্মবেশী মান”৷
গুৱাহাটীৰ বিশাল প্ৰকাশনে প্ৰকাশ কৰা এই গ্ৰন্থখন আজি গুৱাহাটীৰ হাতীগাঁৱস্থিত ভিজেণ্ট ইণ্ডিয়াত উন্মোচন কৰা হয়৷ গ্ৰন্থখন উন্মোচন কৰে, অসমৰ জাতীয়তাবাদী শিবিৰৰ অন্যতম নেতা, প্ৰাক্তন সাংসদ অৰুণ শৰ্মাই৷ ১৬০ পৃষ্ঠাৰ গ্ৰন্থখনৰ মূল্য ১৬০ টকা৷