![]()
নিউজ ডেস্কঃ
নতুন দিল্লীত চিবিআইয়ে বেংকৰ ধনৰ কেলেংকাৰীৰ এক ঘটনাৰ সন্দৰ্ভত অনুসন্ধান চলাই ৫৫ লাখ টকা উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিলে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৰেই ডিএছপি আৰ কে ঋষিৰ লগতে ইন্সপেক্টৰ কপিল ধনকড় আৰু অধিবক্তা মনোহৰ মলিকক।
জানিব পৰা অনুসৰি, বেংকৰ ধনৰ কেলেংকাৰী গোচৰত অভিযুক্ত এগৰাকী লোকক ৰক্ষণাবেক্ষণ দিবলৈ ৫৫ লাখ টকা উৎকোচ লৈছিল এই গৰাকী ডিএছপিয়ে। আনহাতে, যোৱা সপ্তাহত গাজিয়াবাদত চিবিআই একাডেমীত কৰ্মৰত এগৰাকী বিষয়াৰ বিৰূদ্ধে এখন এজাহাৰৰ ভিত্তিত বিষয়াগৰাকী জড়িত স্থানবোৰত অনুসন্ধান অভিযান চলোৱা হৈছিল।












