![]()
নিউজ ডেস্কঃ
মর্মান্তিক দুর্ঘটনাৰ পিছত পাৰ হৈছে কেইবা ঘণ্টা। কিন্তু এতিয়াও শোকস্তব্ধ ধূপগুড়ি। বুধবাৰে পুৱা দুর্ঘটনাত আহতসকলক সাক্ষাৎ কৰে আলিপুৰদুৱাৰৰ বিধায়ক সৌৰভ চক্রৱর্তীয়ে। হস্পিতালৰ বিছনাত শুই ভয়ংকৰ অভিজ্ঞতা জনালে ধূপগুড়ি দুর্ঘটনাত আহত বাপ্পাই। ডাম্পাৰৰ তলত চেপা খাই পৰা এখন গাড়ীৰ চালক তেওঁ।
উল্লেখ্য, মঙ্গলবাৰে নিশা ভয়ংকৰ দুর্ঘটনা ঘটে পশ্চিমবংগৰ ধূপগুড়িৰ জলঢাকা সেতুৰ কাষৰ ময়নাতলি এলেকাত। এখন ডাম্পাৰৰ সৈতে তিনিখন সৰু গাড়ীৰ দুৰ্ঘটনা সংঘটিত হয়৷ দুৰ্ঘটনাটোত প্ৰাণ যায় শিশুসহ ১৪ জনৰ৷ দুৰ্ঘটনাৰ খবৰ লাভ কৰিয়েই উদ্ধাৰ কার্যত নামে আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী। তেওঁলোকৰ সৈতে উদ্ধাৰকার্যত সহায় কৰে স্থানীয় বাসিন্দাসকলেও।
দুর্ঘটনাগ্রস্ত এখন গাড়ীৰ চালকৰ আসনত আছিল বাপ্পা। গুৰুতৰভাৱে আহত অৱস্থাত বাপ্পাসহ প্রায় ১১ জনক ভৰ্তি কৰোৱা হয় জলপাইগুড়ি ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত। দুৰ্ঘটনাৰ বিৱৰণী দি বাপ্পাই কয়, “দ্রুতগতিত আহি ডাম্পাৰখনে খুন্দা মাৰে, তাৰ পিছত উলটি যায়। ২ ঘণ্টা তেনেদৰে আবদ্ধ হৈ আছিলো। বাচিম বুলি ভবা নাছিলোঁ।”












