![]()
নিউজ ডেস্কঃ
মহাত্মা গান্ধীৰ মৃত্যু দিন ৩০ জানুৱাৰীত প্রতি বছৰে শ্বহীদ দিৱস হিচাবে পালন কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ নতুন নির্দেশত ৩০ জানুৱাৰীৰ শ্বহীদ দিৱসত দেশৰ স্বাধীনতা সংগ্রামত বলিদান দিয়া মহান বিপ্লৱীসকলৰ সন্মানত দুই মিনিট মৌনতা অৱলম্বনৰ নির্দেশনা জাৰি কৰিছে।
উক্ত দিনা স্বাধীনতাৰ বাবে আত্মবলিদান দিয়া বিপ্লৱীসকলৰ স্মৰণ কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰৰ এই নতুন নির্দেশনাৰ পৰা এতিয়াৰে পৰা প্রতিবছৰে ৩০ জানুৱাৰী শ্বহীদ দিৱস হিচাবে পালন কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কত সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্রদেশৰ চৰকাৰলৈ নির্দেশনা প্ৰেৰণ কৰিছে।
নতুন এই নির্দেশত স্বাধীনতাৰ বাবে আত্মবলিদান দিয়া স্বাধীনতা সংগ্রামীসকলৰ স্মৰণত পুৱা ১১ বজাত দুই মিনিটৰ বাবে মৌন প্ৰাৰ্থনা কৰিবলৈ কোৱা হৈছে। লগতে পুৱা ১১ বজাত সমগ্ৰ দেশত কাম আৰু গতিবিধি স্তব্ধ থাকিব।
ইয়াৰ বাবে য’ত যেনে ব্যৱস্থা আছে, তাতে তেনেদৰেই পুৱা ১০ : ৫৯ বজাত সকলোকে এলার্ট কৰি দিয়া হ’ব। য’ত চাইৰেনৰ ব্যৱস্থা আছে তাত চাইৰেন বজাই সকলোকে এই মুহূর্তৰ বাবে সোঁৱৰাই দিয়া হ’ব। নির্দেশটোত লগতে কোৱা হৈছে যে ইয়াৰ আগতে নীৰৱতা পালনৰ সময়ত বিভিন্ন স্থানত কাম চলি আছিল৷ কিন্তু এতিয়াৰ পৰা এই নির্দেশনা কঠোৰভাবে পালন কৰিব লাগিব।












