![]()
নিউজ ডেস্কঃ
বৈচিত্ৰ্যৰ মাজত ঐক্য ভাৰতৰ ঐতিহ্য, সংস্কৃতি। তাকে সন্মান জনাই অযোধ্যাৰ ৰামমন্দিৰ নির্মাণৰ বাবে পুঁজি সংগ্ৰহ কৰিছে এগৰাকী মুছলিম মহিলাই। নাম তেওঁৰ জাহাৰা বেগম। ‘তাহেৰা ট্রাষ্ট’ নামৰ এক পুঁজি গঠন কৰি তেওঁৰ সম্প্রদায়ৰ মানুহক বৰঙণি দিবলৈ আহ্বান জনাইছে জাহাৰাই। ভগৱান ৰামৰ পূজাত সহায় কৰিবলৈ কেৱল মুছলিম নহয়, সকলো অ-হিন্দু সম্প্রদায়ৰ লোককে যোগ দিবলৈ তেওঁ আহ্বান জনাইছে।
জাহাৰাই কয়, স্বেচ্ছাই ১০ টকাৰ পৰা আৰম্ভ কৰি যিমান ইচ্ছা ধন দিয়ক মুছলিমসকলে। গাঁৱে গাঁৱে কাম কৰাৰ সুবাদত তেওঁৰ অভিজ্ঞতা হৈছে যে কেৱল ভূমি দিয়ে নহয়, কবৰস্থান, মছজিদ, ঈদগাহ বনাবলৈ বহুবাৰ হিন্দুসকলে অর্থসাহায্য দিছে। ৰামৰ আদর্শত অনুপ্রাণিত জাহাৰাই কয়, ‘আমি ভাগ্যবান যে এনে এখন দেশত জন্মিছোঁ য’ত ভগৱান ৰামে জন্মগ্রহণ কৰিছিল। আমি ভাগ্যৱান যে ৰামৰ মন্দিৰ আমাৰ সময়তেই নির্মিত হৈছে। ধর্ম জীৱন-ধাৰণৰ এক উপায়, এই কথা তেৱেঁই আমাক শিকাইছে।’
তেওঁৰ আহ্বান, অযোধ্যাত মন্দিৰ নির্মাণৰ ঐশ্বৰিক কাৰ্যসূচীত সকলোৱে মিলি একেলগে মন খুলি অংশগ্রহণ কৰা যাওক। তেওঁ ইয়াকো কয় যে ভাৰত নানা ধর্ম, ৰীতি-নীতি, সংস্কৃতি, ভাষাৰে পৰিপূৰ্ণ যিটো অন্যান্য দেশৰ সৈতে অমিল। ভাৰতত মুছলিমসহ সকলো ধর্মৰ মানুহৰ স্বাধীনতা আছে যিটো অন্য দেশত দেখা নাযায়। ভাৰতীয় হিচাবে গৌৰৱবোধ কৰে জাহাৰাই।












