নিউজ ডেস্কঃ
বুধবাৰেই বাংলাদেশ গৈ পাব ভাৰতে উপহাৰ দিয়া ২০ লক্ষ কৰোনা টীকা। ভাৰতৰ চিৰাম ইনষ্টিটিউটত তৈয়াৰী অক্সফোর্ড–এস্ট্রাজেনেকাৰ ‘কোভিশিল্ড’ টীকা ঢাকাক উপহাৰ দিছে দিল্লীয়ে। মঙ্গলবাৰে পুৱা ১১ বজাত এই বিষয়ে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকো কৰে বাংলাদেশৰ স্বাস্থ্যমন্ত্রীয়ে। বাংলাদেশৰ বিদেশ মন্ত্ৰালয়ে ছচিয়েল মিডিয়াত প্ৰকাশ কৰিছে, ‘২০ জানুৱাৰীত ভাৰতৰ পৰা উপহাৰ হিচাবে লাভ কৰা ২০ লক্ষ কৰোনা টীকা আহি পাব। বিশেষ বিমানত ঢাকালৈ আহিব কোভিশিল্ড।’