![]()
নিউজ ডেস্কঃ
হাইস্পিড ট্রেইন প্রযুক্তিত চীনে আন্যান্য উন্নত দেশবোৰকো কেইবা খোজ পিছ পেলাই গৈছে। এইবাৰ চীনে আৰু এখন উন্নত প্রযুক্তিৰ ৰে’ল প্রকাশ্যে আনিলে। সম্প্রতি তেওঁলোকে ‘ম্যাগলেভ’ প্রযুক্তি নির্ভৰ এখন প্রোটোটাইপ ৰে’লৰ পৰীক্ষা কৰে। এই ৰে’লৰ সর্বোচ্চ গতি হ’ব পাৰে প্রতি ঘণ্টাত ৬২০ কিলোমিটাৰ।
‘ম্যাগলেভ’ শব্দটি আহিছে ম্যাগনেটিক লেভিটেছন শব্দ যুগলৰ পৰা। অর্থাৎ এই প্রযুক্তিত ৰে’লক তড়িৎ চুম্বকীয় শক্তিৰ দ্বাৰা উত্তোলন কৰি প্রায় ভাসমান অৱস্থাত আগুৱাই লৈ যোৱা হয়। ইয়াৰ ফলত ৰে’ল লাইনৰ সৈতে ইঞ্জিন বা দবাৰ ঘর্ষণ নহয়। ফলত গতি বহু বৃদ্ধি কৰিব পৰা যায়।
চীনৰ এই প্রোটোটাইপ ট্রেইনখন নিৰ্মাণ কৰিছে দ্যা ছাউথ-ৱেষ্ট জিয়াওটং বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে। এই ৰে’লত কোনো চকা নাই। এই ৰে’লখন চুম্বকীয় বলেৰেই ৰে’ল লাইনৰ ওপৰত ভাসমান অৱস্থাত থাকে। ৬৯ ফুটৰ এই প্রোটোটাইপখন বুধবাৰে চীনৰ চেংদুত প্রকাশ্যে অনা হয়।
বিজ্ঞানীসকলে আশা কৰিছে অহা ৩-১০ বছৰৰ ভিতৰত এইখনে মানুহৰ ব্যৱহাৰৰ বাবে চূড়ান্ত অনুমতি-পত্র লাভ কৰিব। তাৰ লগতে চেষ্টা চলিছে ৰে’লখনৰ সর্বোচ্চ গতি ৬২০ৰ পৰা বৃদ্ধি কৰি প্রতি ঘণ্টাত ৮০০ কিলোমিটাৰলৈ নিবলৈ।












