স্বাস্থ্য প্ৰতিবেদন:
কোনো ব্যক্তিৰ যদি পূৰ্বৰ পৰাই শাৰীৰিক জটিলতা থাকে, তেতিয়াহ’লে তেওঁৰ ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ সম্ভাৱনা আৰু বাঢ়ি যায় বুলি জনাইছে একাধিক বিশেষজ্ঞ চিকিৎসকে।
বিশেষকৈ ডায়েবেটিচ, হৃদৰোগ আৰু উচ্চ ৰক্তচাপৰ ৰোগীৰ এই ৰোগত আক্রান্ত হোৱাৰ সম্ভাৱনা বেছি থাকে। সেয়ে এইবোৰ ৰোগ থাকিলে মানি চলিব লাগিব অধিক সতর্কতা।
ডায়েবেটিচ নিয়ন্ত্রণত খাদ্যাভাসত পৰিবর্তন আনিব লাগিব। খাব লাগিব পর্যাপ্ত শাক-পাচলি আৰু ফলমূল।
কিন্তু এনে কিছুমান খাদ্যবস্তু আছে, যি খালে সংক্রমণৰ এই সময়ত ডায়েবেটিচ ৰোগীসকল সুস্থ হৈ থাকিব।
কি খাব:
১. প্রোটিনসমৃদ্ধ খাদ্য কণী খালে অনেক ক্ষণ পেট ভৰি থাকে। ডায়েবেটিচ ৰোগীসকলে এই সময়ত প্রতিদিনে এটাকৈ কণী খাব পাৰে।
২. এই সময়ত খাব পাৰে ওটমিল। এই খাদ্যই শৰীৰত গ্লুকোজৰ পৰিমাণ কমায়, ইনছুলিনৰ পৰিমাণ উন্নত কৰে আৰু নিয়মিত এই খাদ্য খালে শৰীৰত শর্কৰাৰ মাত্রা নিয়ন্ত্রণত থাকে।
৩. তৰমুজে শৰীৰত পানীৰ অভাৱ পূৰণ কৰে। এই সময়ত বজাৰত প্রচুৰ তৰমুজ পোৱা যায়। পুষ্টিসন্মত এই খাদ্যই তেজত শর্কৰাৰ পৰিমাণ নিয়ন্ত্রণত ৰাখে।
৪. বিন, সূর্যমুখীৰ গুটি নিয়মিত খাদ্য তালিকাত ৰাখক। এইবোৰ খাদ্যই তেজত শর্কৰা কমায়।
৫. ৰক্তত শর্কৰাৰ পৰিমাণ নিয়ন্ত্রণত নহৰু খাব পাৰে। কেঁচা, চালাডত মিহলাই কিম্বা কোনো খাদ্যত নহৰু মিহলাই খালে উপকাৰ পাব।













