স্বাস্থ্য প্ৰতিবেদন:
তুলসীৰ বহু ঔষধি গুণ আছে। যেতিয়া চর্দি-কাহ হয় তেতিয়া অৱশ্যেই তুলসীৰ ৰস আৰু তুলসীৰ চাহ খোৱাৰ পৰামর্শ দিয়া হয়। তুলসী পাত আমাৰ সংস্কৃতিতো খুব গুৰুত্বপূর্ণ হিচাবে বিবেচিত হয়। তুলসী উদ্ভিদে বায়ুমণ্ডলক বিশুদ্ধ কৰে, কাৰণ ই একমাত্র উদ্ভিদ যিয়ে অজন নিঃসৰণ কৰে যিয়ে আমাক সূর্যৰ পৰা অহা অতিবেগুনী ৰশ্মিৰ পৰা ৰক্ষা কৰে। একে সময়তে মাখি-পৰুৱাইও ইয়াৰ গোন্ধৰ পৰা নিজক বচায়।
তুলসী উদ্ভিদে বায়ু প্ৰদূষণও হ্রাস কৰে। তুলসীৰ বহু স্বাস্থ্যকৰ বৈশিষ্ট্য আছে। ই অধিক ভাল স্বাস্থ্য বজায় ৰখাত ব্যৱহৃত হয়। বহু লোক আছে, যিয়ে নিয়মিত তুলসী পাত খাই তেওঁলোকৰ দিন আৰম্ভ কৰে।
কিন্তু তুলসী সেৱন কৰাৰ সময়ত কেইবাটাও গুৰুত্বপূর্ণ বিষয় মনত ৰখা দৰকাৰ। যেনেদৰে তুলসীৰ পাতৰ উপকাৰ হয়, যদি সতর্কতা গ্ৰহণ কৰা নহয় তেতিয়া সি আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হিচাবে প্রমাণিত হ’ব পাৰে। সেয়ে আহক জানো এনে কিছু কথা, যিবোৰ আমি তুলসী সেৱনৰ সময়ত মনত ৰখা উচিত।
বেছিভাগ মানুহৰে প্রশ্ন, তুলসী পাতসমূহত সঁচাকৈয়ে পাৰা আছে নেকি?
হয়, এইটো একেবাৰেই সত্য যে তুলসী পাতত পাৰা পোৱা যায়। সেয়ে কোৱা হয় যে তুলসী পাত চোবাই খোৱা উচিত নহয়। ই আমাৰ দাঁত দুর্বল কৰি তোলে।
এইটো সত্য যে তুলসীৰ উপকাৰ অপৰিসীম। তুলসী গ্রহণ কৰক। কিন্তু যেতিয়াই ইয়াক গ্রহণ কৰা হয় তেতিয়া ইয়াৰ পাত পোনে পোনে পানীৰ সৈতে গিলি পেলাওক, চোবাই নাখাব। একেলগে বেছি পৰিমাণত তুলসী সেৱন নকৰিব, ন’হলে ই বহু ৰোগৰ কাৰণ হ’ব পাৰে।
বহুতে গাখীৰ চাহত তুলসী পাতো যুক্ত কৰে। কিন্তু ই স্বাস্থ্যৰ পক্ষে অত্যন্ত ক্ষতিকাৰক। কাৰণ তুলসী কেতিয়াও গাখীৰৰ সৈতে খোৱা উচিত নহয়। ইয়াৰ খুব বেয়া প্রভাৱ আছে। অৱশ্যে তুলসী গাখীৰ খোৱাৰ ১ ঘন্টা পিছত খোৱা উচিত।
বি:দ্ৰ: বিভিন্ন উৎসৰ সহায় লৈ।














