![]()
নিউজ ডেস্কঃ
প্রতিদিনে হাজাৰ হাজাৰ টন প্লাষ্টিক বর্জ্য উৎপন্ন হয়। সেইবোৰে পৃথিৱীৰ বুকুত বোজাৰ সৃষ্টি কৰিছে। নহ’লে পৰিছেগৈ সমুদ্রত। দিনে দিনে বৃদ্ধি পাই আছে প্লাষ্টিক প্ৰদূষণ। যাৰ ফলত প্রাণ হেৰুৱাইছে বহু প্রাণীয়ে, লগতে মানুহেও।
এই পেলনীয়া প্লাষ্টিকেই এইবাৰ কামত লগাবলৈ বিচাৰিছে উত্তৰ প্রদেশে। তাৰ দ্বাৰা ১৫০০ কিলোমিটাৰ পথ নিৰ্মাণৰ পৰিকল্পনা লৈছে ৰাজ্য চৰকাৰখনে। চলিত বিত্তীয় বর্ষতেই শেষ কৰা হ’ব পথ নির্মাণৰ কাম। দায়িত্বত আছে গড়কাপ্তানী বিভাগ। এই ৰাস্তাত ব্যৱহাৰ কৰা হ’ব ২,০০০ টন পেলনীয়া প্লাষ্টিক। যিবোৰ পুনৰ ব্যৱহাৰ কৰা সম্ভৱ নহয়।
পিডব্লিউডিৰ প্রধান সচিব নীতীন ৰমেশ গোকৰ্নে জনায়, এই প্রকল্পত কিমান খৰচ পৰিব, তাৰ এটি হিচাব-নিকাচ চলিছে। যোৱা বছৰ উত্তৰ প্রদেশৰ যোগী চৰকাৰে সমগ্ৰ ৰাজ্যত ১২টা পথ প্লাষ্টিক–বর্জ্যৰে নির্মাণৰ পদক্ষেপ লৈছিল। অহা বছৰ আৰু অধিক পথ এনেদৰে নিৰ্মাণ কৰিব বিচাৰে ৰাজ্যখনে।
সম্প্ৰতি পিডব্লিউডিয়ে ৭৫টা ৰাস্তা নিৰ্মাণৰ বাবে অনুমতি দিছে, যাৰ দৈর্ঘ্য ৯৪ কিলোমিটাৰ। ৩২টা ৰাস্তা নিৰ্মাণৰ কাম আৰম্ভ হৈ গৈছে। দৈর্ঘ্য ৪৩ কিলোমিটাৰ। এই পর্যন্ত ব্যৱহাৰ কৰা হৈছে ৬৩ টন প্লাষ্টিক।












