![]()
নিউজ ডেস্কঃ
নতুন বছৰৰ দ্বিতীয় সপ্তাহতেই ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি আৰু বলিউডৰ অভিনেত্রী অনুষ্কা শর্মাৰ সংসাৰলৈ আহিল নতুন অতিথি। মুম্বাইৰ এখন হস্পিটেলত এটি কন্যা সন্তানৰ জন্ম দিয়ে অনুষ্কাই। টুইট কৰি নিজেই এই খবৰ দিলে কোহলিয়ে।
আজি পুৱা মুম্বাইৰ ব্রিচ কেন্ডি হস্পিটেললৈ যায় অনুষ্কা আৰু বিৰাট। তাতেই কন্যা সন্তানৰ জন্ম দিয়ে বলিউডৰ অভিনেত্রীগৰাকীয়ে। টুইট কৰি অনুৰাগীক এই সুখবৰটো দি কোহলিয়ে লিখে, ‘‘আপোনালোকক জনাব বিচাৰো যে আজি বিয়লি আমাৰ পৰিয়াললৈ মৰমলগা এক কন্যা সন্তানৰ আগমন ঘটিছে। ইমান ভালপোৱা, শুভেচ্ছা আৰু প্রার্থনাৰ বাবে আপোনালোকক অনেক ধন্যবাদ। অনুষ্কা আৰু সদ্যোজাত দুয়োৱেই ভালে আছে।’’












