![]()
নিউজ ডেস্কঃ
পৰিবহণ আইন ভংগ কৰাটো ভাৰতত যেন তেনেই সাধাৰণ কথা। কিন্তু পৰিবহণ বিভাগে যাত্রীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিলেও সাধাৰণ মানুহৰ যেন তাত কোনো ভ্রুক্ষেপেই নাই।
সম্প্রতি এখন ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈছে, য’ত দেখা গৈছে এখন বাইকত ৭জন আৰোহী। অর্থাৎ এখন বাইকতে সম্পূৰ্ণ পৰিয়াল একেলগে। তেওঁলোকৰ বাইকৰ সন্মুখত এজন ট্ৰেফিক পুলিচে হাতযোৰ কৰি আছে। কিন্তু কিয়?
পৰৱর্তী সময়ত জানিব পৰা মতে, আৰক্ষীজনে জৰিমনা নিবিহি তেওঁলোকক হাতযোৰ কৰি জনাইছে যে এয়া অতি বিপজ্জনক আৰু আইন বিৰুদ্ধ। এনেদৰে বেপৰোৱা হৈ বাইক চলালে চালক আৰু লগত থকা পৰিয়ালৰ সদস্যসকলৰো জীৱনৰ প্ৰতি ভাবুকি আছে। বাইকৰ সন্মুখত তিনিটা শিশু আৰু চালকৰ পিছফালে এগৰাকী মহিলা আৰু দুটা শিশু। যাক দেখিলেই আন্দাজ কৰিব পাৰি কিমান ভয়াৱহভাবে তেওঁলোকে এনেদৰে যাত্ৰা কৰিছে ৷












