![]()
নিউজ ডেস্কঃ
দিল্লী সীমান্তত আন্দোলনৰত কৃষকলৈ সুখবৰ। আজি ৩ কৃষি আইনক লৈ আন্দোলন সম্পৰ্কীয় শুনানিত ছুপ্রিম কোৰ্টে পৰিস্থিতি নিয়ন্ত্রণলৈ আনিবলৈ কেন্দ্রীয় চৰকাৰে উক্ত আইনকেইখনত সাময়িকভাৱে স্থগিতাদেশ দিয়া উচিত বুলি প্ৰকাশ কৰে। আৰু যদি কেন্দ্ৰই সেয়া নকৰে তেনেহ’লে আদালতেই সেই পদক্ষেপ গ্ৰহণ কৰিব।
শীৰ্ষ আদালতে শুনানিত কয়, ‘‘দিনৰ পিছত দিন ধৰি দিল্লীৰ ৰাজপথত বয়সস্থ ব্যক্তি, মহিলাসকল বহি আছে৷ কিন্তু এই পৰিস্থিতি দেখিও চৰকাৰে কিয় কোনো ব্যৱস্থা লোৱা নাই?’’ লগতে স্পষ্টভাৱে জনাই দিয়ে, আগন্তুক দিনত যদি কেন্দ্রীয় চৰকাৰে এই আইন প্রয়োগত স্থগিতাদেশ নিদিয়ে, তেনেহ’লে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আদালতেই আগুৱাই আহিব লাগিব। কাৰণ প্রতিদিনাই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি গৈ আছে।












