স্বাস্থ্য প্ৰতিবেদন:
আমাৰ শৰীৰ সুস্থ ৰাখিবলৈ হ’লে আমি বিভিন্ন ধৰণে নিজৰ যত্ন ল’ব লাগে। আজি আমি আলোচনা কৰিম ডালিমৰ কি গুণ আছে।
ডালিমত আছে ভিটামিন চি ভিটামিন এ আৰু ইয়াৰ উপৰি আছে বহু ভিটামিন পুষ্টিগুণ। আমাৰ শৰীৰত ৰক্ত বঢ়ায় ডালিমে। সেয়ে ৰক্তহীনতাৰ পৰা মুক্তি পোৱাৰ বাবে অতি ভাল এই ফল। আনহাতে, ডালিম খালে মূৰৰ চুলি সৰা বন্ধ হয়। ডালিম খালে ছাল ভালে থাকে। ছালৰ যদি কোনো সমস্যা থাকে সেয়া একেবাৰে কমি যাব।
নিয়মিত যদি ডায়েটত এটা ডালিম ৰাখে শৰীৰৰ প্রতিক্রিয়া অতি ভাল হয়। লগতে শৰীৰৰ বিভিন্ন সমস্যা দূৰ হয়। যেনে চকুৰ সমস্যা, চুলিৰ সমস্যা আদিৰ পৰা মুক্তি পোৱা যায়। ডালিমৰ গুটি চোবাই খালে লিভাৰৰ সমস্যা দূৰ হয়। পেটৰ বাবেও ডালিম অতি উপকাৰী।
আপুনি যদি লিভাৰ কেন্সাৰত ভোগে তেনেহ’লে ডালিম খাওক। ব্রেষ্ট কেন্সাৰৰ পৰা হাত সাৰিবলৈ ডালিম খোৱাটো অত্যন্ত জৰুৰী। ইয়াৰ উপৰি ঋতুচক্রৰ যদি কোনো সমস্যা থাকে তেনেহ’লে এই সমস্যা দূৰ হ’ব আৰু ৰোগৰ উপশমৰ বাবে ঔষধৰ উপৰি ডালিমৰ বহু গুণ আছে।













