ASSAM TIMES POST
নগাঁওঃ জুবিন গাৰ্গ ব্যস্ত কাঞ্চনজংঘাৰ প্ৰচাৰত ৷ টিম কাঞ্চনজংঘাক লগত লৈ নগাঁৱত কাঞ্চনজংঘাৰ প্ৰচাৰ চলালে জুবিন গাৰ্গে ৷ জুবিন গাৰ্গৰ লগতে পত্নী গৰিমা গাৰ্গেও প্ৰচাৰ চলালে কাঞ্চনজংঘাৰ ৷বৃহস্পতিবাৰে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় আৰু নগাঁও মহাবিদ্যালয়ত কাঞ্চনজংঘাৰ প্ৰচাৰ চলালে জুবিন গাৰ্গে ৷ সপত্নীক জুবিন গাৰ্গক কাষত পাই আনন্দত আত্মহাৰা হৈ পৰে কলেজ দুখনৰ ছাত্ৰ- ছাত্ৰীসকল। আমাৰ ৰক্ষণশীল সমাজ ব্যৱস্থাক প্ৰত্যাহ্বান জনাই কাঞ্চনজংঘা চলচ্চিত্ৰখনে এক নতুন দিশ উন্মোচিত কৰা বুলি জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গে মন্তব্য কৰে ।অহা ৬ ছেপ্টেম্বৰত ছবিখনে চিনেমা গৃহত মুক্তি লাভ কৰিব।