স্বাস্থ্য প্ৰতিবেদন:
নহৰুত বিভিন্ন পুষ্টিগুণ আছে। শৰীৰ ভালে ৰখাৰ উপৰি বিশেষ কিছু ৰোগ নিয়ন্ত্রণত ৰখাত নহৰু প্রায় বিকল্পহীন। ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধিত নহৰু কিমান সফল? কিমান লাভ হয় নহৰু খালে?
বংগৰ প্ৰসিদ্ধ পুষ্টিবিদ সোমা চক্রৱর্তীয়ে এই প্রসঙ্গত কয়, নহৰুত আছে এলিন নামক এটি পদার্থ, সেয়ে নহৰু চোবাই খোৱাৰ সময়ত সেইটো সক্রিয় পদার্থ এলিচিনত পৰিণত হয়। এলিচিনত ছালফাৰৰ উপস্থিতিয়েই নহৰুৰ নির্দিষ্ট স্বাদ-গোন্ধৰ কাৰণ।
এলিচিন সক্রিয় হোৱাৰ কাৰণেই ই ছালফাৰযুক্ত নানা সক্রিয় যৌগত পৰিণত হয়। এইবোৰে শ্বেত ৰক্তকণিকাৰ শক্তি বঢ়াই, ফলত সাধাৰণ চর্দি-কাহ যি ভাইৰাছৰ বাবে হয়, সেইবোৰৰ বিৰুদ্ধে প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে শ্বেত ৰক্তকণিকাত। সেয়ে প্রতিদিনে নহৰু খাললে চর্দি-কাহৰ সম্ভাবনা কমে।
আনহাতে, নহৰু যিহেতু এবিধ পাচলি, সেয়ে পাচলি হিচাবে প্রতিদিনে খাব পাৰি। কাৰণ যিকোনো পাচলিয়েই পৰিমিত পৰিমাণত খালে সেয়া স্বাস্থ্যৰ পক্ষে ভাল। অৱশ্যে নহৰু খালেই যে সকলো ৰোগ আঁতৰি যায়, এই জাতীয় তথ্যৰ কোনো ভিত্তি নাই বুলিও জনায় চিকিৎসকে।
নহৰু কেনেদৰে খাব?
পূর্ণবয়স্কৰ ক্ষেত্রত ২-৩টা নহৰুৰ কোহ খাবলৈ কয় পুষ্টিবিদসকলে। প্ৰতিদিনে পুৱা এক কোহ নহৰু কেঁচাই চোবাই খালে সেয়া সকলোতকৈ বেছি উপকাৰত আহে। ৰন্ধাৰ সময়ত নহৰু কচি কচি কাটি বা থেতেলিয়াই দিলে সেয়াই সক্রিয় উপাদান এলিচিনৰ মাত্রা বঢ়াই দিয়ে।
অৱশ্যে সেই ক্ষেত্রত নহৰু ধুই কাটি ১০ মিনিটমান ৰাখি ৰন্ধনত ব্যৱহাৰ কৰিব পাৰিলে ভাল। অৱশ্যে বেছি ৰান্ধিলে নহৰুত থকা এলিচিন নষ্ট হৈ যায়। বটি দিয়া নহৰুৱে খাদ্যৰ সোৱাদ বঢ়ালেও কেঁচা নহৰু খোৱাই বেছি উপকাৰী বুলি জনায় পুষ্টিবিদসকলে।
নহৰুত নানা ধৰণৰ এন্টি-অক্সিড্যান্ট থকাৰ বাবে প্ৰতিদিনে অলপ নহৰু খোৱাটো ভাল। কলেষ্টেৰলৰ উপৰি ই নিয়ন্ত্রণত ৰাখে ৰক্তত ছুগাৰৰ মাত্রা। খালী পেটে, অর্থাৎ বহু সময় পেট খালী থকাৰ পিছত ইয়াক খালে ইয়াৰ ৰসে সহজতে অধিক মাত্ৰাত শৰীৰক ডি-টক্সিফাই কৰিব পাৰে।













