স্বাস্থ্য প্ৰতিবেদন:
নাচপতিয়ে ৰক্তত এলকহলৰ মাত্রা কমায়। এটি গৱেষনাৰ পৰা জনা গৈছে যে যিসকলে নাচপতিৰ ৰস খায় তেওঁলোকৰ স্মৰণশক্তি ভালে থাকে
ডায়েবেটিছৰ বিৰুদ্ধে যুঁজে:
নাচপতিত থকা পলিফেলন টাইপ-২ই ডায়েবেটিছ প্রতিৰোধ কৰে।পলিফেলনে ৰক্তত শর্কৰাৰ পৰিমাণ কমায়।সপ্তাহত পাঁচবাৰৰ বেছে নাচপতি খালে ইনছুলিনৰ সংবেদনশীলতা বাঢ়ে।ই চকু, ছাল আৰু কিডনিৰ সমস্যা দূৰ কৰে।
গর্ভৱস্থাত উপকাৰী:
নাচপতিত ফলিক এচিডসহ গৰ্ভাৱস্থাৰ বাবে অন্যান্য উপকাৰী পুষ্টিগুণ আছে।চিকিৎসকৰ মতে, গর্ভৱতী নাৰীৰ বাবে প্রয়োজনীয় ফলিক এচিডৰ পৰিমাণ সকলোতকৈ বেছি থাকে।
এলার্জি নিয়ন্ত্রণ:
কেৱল পুষ্টিগুণেই নহয়, নাচপতিয়ে এলার্জিৰ পার্শ্বপ্রতিক্রিয়া কমায়।যিসকলে প্রায়ে মৃদু জ্বৰ আৰু এলার্জিৰ সমস্যাত ভোগে তেওঁলোকৰ বাবে নাচপতি অতি উপকাৰী।
হাড়ৰ ক্ষয়ৰোধ কৰে:
উচ্চ মাত্রাত মিনাৰেল থকাৰ কাৰণে নাচপতিয়ে দেহত কেলচিয়ামৰ যোগান ধৰে। ই হৰমোন উৎপাদন আৰু হাড়ৰ ক্ষয় ৰোধ কৰে।ইয়াৰ উপৰি নাচপতিত আছে হাড়ৰ বাবে অত্যাৱশ্যকীয় ভিটামিন কে।
লগতে দাঁতৰ গুৰি ক্ষতিগ্রস্ত হ’লে নাচপতিৰ ৰস আৰু অলপ ফিটকিৰি মিহলাই পুৱা খালে ভাল হয়। উফি আৰু মূৰৰ চুলি সৰিলে নাচপতিৰ ৰস ১০-১৫ দিন খালে এই সমস্যা দূৰ হয়।
কোষ্ঠকাঠিন্য ভাল কৰিবলৈও নাচপতিৰ তুলনা নাই। বিয়লি বা নিশা খোৱাৰ পিছত নাচপতি খালে কোষ্ঠকাঠিন্য দূৰ হয়।














