![]()
নিউজ ডেস্কঃ
পত্নীক সুখী কৰিবলৈ পৰকীয়া প্রেমিকৰ সৈতে বিয়া পাতি দিলে স্বামী সবলু শর্মাই। জানিব পৰা মতে, আছানচোলৰ গোপালপুৰৰ বাসিন্দা সবলু শর্মাৰ সৈতে নিতু দেৱীৰ বিয়া হয় প্রায় ৪ বছৰ পূৰ্বে। তেওঁলোকৰ তিনি বছৰীয়া এটি কন্যা সন্তানো আছে।
স্থানীয় লোকৰ ভাষ্য মতে, বিয়াৰ কিছুদিন দিন পিছতেই স্থানীয় এজন যুৱক সুনীল চৌধুৰীৰ সৈতে সম্পর্ক গঢ়ি উঠে নিতুৰ।
পিছত সবলুই গোটেই বিষয়টো জানিব পাৰে। ইয়াকে লৈ দম্পতিৰ মাজত প্ৰায়েই কাজিয়া লাগিব ধৰে।
কিন্তু নিতুই প্রেমিক সুনীলক এৰিবলৈ একোতেই ৰাজী নহয়। নিতুৰ সৈতে প্ৰায়ে দেখা কৰিছিল সুনীলে। মোবাইলতো যোগাযোগ আছিল দুয়োৰে। শেষত উপায় নাপায় প্রেমিক সুনীলৰ সৈতেই নিজৰ পত্নী নিতুক বিয়া দিবলৈ সিদ্ধান্ত লয় তেওঁ।
পত্নীৰ দ্বিতীয় বিয়াৰ বিষয়টো প্রতিবেশীয়ে জানিলে নিতুক বেয়া চৰিত্ৰৰ বুলি ভাবিব পাৰে বুলি অত্যন্ত গোপনে এই বিয়া সম্পন্ন হয়। বিয়াৰ সমগ্ৰ ব্যৱস্থাটো আয়োজন কৰে সবলুই নিজেই। স্থানীয় এটি মন্দিৰত গোপনে বিয়া সম্পন্ন কৰা হয়। আনহাতে, হাঁহিমুখে প্রেমিক সুনীলৰ সৈতে বিয়াত বহে নিতু।












