![]()
নিউজ ডেস্কঃ
আইন উঠাই ল’লে আমিও ঘূৰি যাম।’ অষ্টমলানি আলোচনাত কেন্দ্রক পুনৰ স্পষ্টকৈ জনাই দিলে কৃষকসকলে। পূৰ্বৰ বৈঠকত কেন্দ্রই জনাইছিল, নতুন কৃষি আইন প্রত্যাহাৰ কৰা সম্ভব নহয়! তাৰ পিছতেই কৃষকসকলে ওলোটাই ভাবুকি দিছিল, আইন বাতিল কৰা নহ’লে গণতন্ত্র দিৱসত ৰাজধানীত বিশাল ট্ৰেক্টৰ সমদল উলিয়াব।
সূত্রৰ খবৰ, আজিৰ বৈঠকত কেন্দ্রই কয়, নতুন কৃষি আইন কেৱল পঞ্জাব বা হাৰিয়ানাৰ বাবে নহয়, সমগ্র দেশৰ বাবে অনা হৈছে। কৃষকসকলৰো প্ৰত্যুত্তৰ, আইন প্রত্যাহাৰৰ দাবীৰ পৰা তেওঁলোক অলপো আঁতৰি নাযায়। তেওঁলোকৰ বক্তব্য, শীর্ষ আদালতে বহুবাৰ ৰায় দি জনাইছে, কৃষি ক্ষেত্র সম্পূর্ণ ৰাজ্যৰ বিষয়। কেন্দ্রই এই বিষয়ত মূৰ ঘমোৱা উচিত নহয়।

সংবাদ সংস্থা পিটিআই সূত্র মতে, বৈঠকত এজন কৃষকে কয়, ‘ইমান দিন ধৰি আলোচনা চলিছে ঠিকেই, কিন্তু আপোনালোকে এই সমস্যাৰ সমাধান বিচৰা না বুলিয়েই ভাব হৈছে। যদি সেয়ে হয়, তেনেহ’লে আমি স্পষ্টভাবে জনাই দিওঁ, আমিও গুচি নাযাওঁ। কিয় সকলোৰে সময় নষ্ট কৰিছে?’ আজিৰ বৈঠকত উপস্থিত আছিল সর্বভাৰতীয় কিষাণ সঙ্ঘৰ সমন্বয়ক কমিটিৰ সদস্য কবিতা কুৰুগান্তি। তেওঁ জনায়, ‘চৰকাৰে আমাক জনাইছে, তেওঁলোকে নতুন আইন প্রত্যাহাৰ কৰিব বিচৰা নাই।’












