![]()
নিউজ ডেস্কঃ
লস্কৰ-ই-তৈবাৰ প্রধান আৰু ২৬/১১ৰ মুম্বাই আক্ৰমণৰ মূল চক্ৰান্তকাৰী জাকিউৰ ৰহমান লকভিক ১৫ বছৰৰ কাৰাদণ্ড বিহিলে পাকিস্তানৰ সন্ত্রাস দমন আদালতে। এই তথ্য পাক সংবাদ মাধ্যমৰ। তেওঁৰ বিৰুদ্ধে কূটাঘাতত অর্থনৈতিক সহায় কৰাৰ অভিযোগ আছিল। ২০১৫ চনত ৰাৱালপিণ্ডি আদালত জামিনপ্রাপ্ত লকভিক ২ জানুৱাৰীত গ্রেপ্তাৰ কৰিছিল পাকিস্তানৰ সন্ত্ৰাসবাদ দমন শাখা (চিটিডি)ই।
চিটিডিয়ে জনাইছে, মুম্বাই আক্ৰমণৰ মূল চক্ৰান্তকাৰী লকভিৰ এখন চিকিৎসালয় আছে। তাৰ পৰা উপাৰ্জিত ধন কূটাঘাতৰ কামত লগোৱা হৈছিল। লকভিৰ উপৰি আৰু কেইবাজনেও তাৰ পৰা পোৱা ধন কূটাঘাতমূলক কামত লগায় বুলি জানিব পৰা গৈছে। লকভিৰ ব্যক্তিগত খৰচো তাৰ পৰাই আহে বুলি জনাইছে পাকিস্তানৰ চিটিডিয়ে।
লস্কৰ-ই-তৈবা আৰু আল কায়দাৰ সৈতে জড়িত জড়িত থকাৰ অভিযোগত লকভিক ২০০৮ চনত বিশ্ব সন্ত্ৰাসবাদী আখ্যা দিছিল ৰাষ্ট্রসংঘই।












