![]()
নিউজ ডেস্কঃ
প্রেমত পৰি কোনোবাই কাৰোবাৰ সৈতে জীৱন কটাব বিচৰাটো অপৰাধ নহয়৷ সেয়ে এনে ধৰণৰ কোনো ব্যক্তিক শাস্তি দিয়াটো অন্যায়। এটি গোচৰৰ শুনানিত এই কথা জনাইছে ছুপ্রিম কোৰ্টে। লগতে শীর্ষ আদালতে জনাইছে, শাস্তি দিয়াটো জঘন্যতম অপৰোধবোৰৰ ভিতৰত অন্যতম ।
মঙ্গলবাৰে ছুপ্রিম কোর্টত ১১ জন ব্যক্তিৰ জামিন মঞ্জুৰৰ এখন আবেদনৰ শুনানি হয়। তেওঁলোক ‘খাপ’ পঞ্চায়েতৰ সদস্য। প্রেমত পৰা এহাল ল’ৰা-ছোৱালীসহ তিনিজনক ফাঁচিৰ আদেশ দিছিল উক্ত খাপ পঞ্চায়তে। ১৯৯১ চনৰ ২৭ মার্চত উত্তৰ প্রদেশৰ মথুৰা জিলাত এই ঘটনাটি ঘটে। ২০১৬ চনৰ মে’ মাহত এলাহাবাদ হাইকোৰ্টে এই অপৰাধৰ বাবে ৩৩ জনক যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰা হয়।
ল’ৰা-ছোৱালী দুটা আছিল জাটব সম্প্রদায়ৰ। আনহাতে, তাৰ খাপ পঞ্চায়ত গঠিত হৈছিল মূলত জাট সম্প্রদায়ৰ প্রতিনিধিৰে।
ছোৱালীজনীয়ে তেওঁৰ পছন্দৰ এটি ল’ৰা আৰু তেওঁলোকক সহায় কৰা এজন যুৱকৰ সৈতে পলাই যায়। খাপ পঞ্চায়তে সিহঁতৰ বিচাৰ কৰাত যুৱতীগৰাকী ল’ৰাজনৰ লগতে থাকিব বিচাৰে। ইয়াতে জ্যেষ্ঠসকল ক্ষুব্ধ হয়৷ পঞ্চায়তে অভিযুক্ত তিনিওজনকে পিতৃ-মাতৃৰ নিজহাতে ফাঁচি দিবলৈ বাধ্য কৰায়। কেৱল সিমানেই নহয়, ফাঁচিৰ পূৰ্বে দুয়োজন যুৱককে মাৰধৰ আৰু নির্যাতন চলোৱা হয়৷ আনকি সিহঁতৰ গোপনাঙ্গও পুৰি দিয়া হয়।
উক্ত গোচৰৰ সত্যতা সম্পর্কে মন্তব্য কৰি প্রধান ন্যায়াধীশ এছএ বোবডে নেতৃত্বাধীন খণ্ড বিচাৰপীঠে কয়, এই অপৰাধবোৰ ইমানেই গুৰুতৰ যে সামাজিক গঠনক বিঘ্নিত কৰিব পাৰে। প্রেমত পৰাৰ বাবে কাকোৱে শাস্তি দিব পৰা নাযায়৷ ই অপৰাধৰ অন্যতম ভয়াৱহ ৰূপ।












