![]()
নিউজ ডেস্কঃ
অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ বাবে হ’বলগীয়া খৰচ এইবাৰ অনুদান হিচাপে লোৱা হ’ব দেশৰ সাধাৰণ জনতাৰ পৰাও। এই কথা জনাইছে আৰএছএছে। বিগত তিনিদিন ধৰি বিজেপি আৰু আৰএছএছৰ মাজৰ সমন্বয় কমিটিৰ বৈঠকৰ শেষত ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ বর্ষীয়ান নেতা কৃষ্ণ গোপালে এই কথা জনাইছে। প্রসঙ্গত উল্লেখ্য, ইয়াৰ আগতে বিশ্ব হিন্দু পৰিষদেও মন্দিৰ নির্মাণৰ বাবে অনুদান সংগ্রহৰ পৰিকল্পনাৰ কথা জনাইছিল।
জানিব পৰা মতে, ৰাম মন্দিৰৰ বাবে অনুদান সংগ্রহৰ উদ্দেশ্যে দেশৰ ৫ লাখ গাঁৱৰ ১০ কোটি পৰিয়ালৰ ওচৰলৈ যাব আৰএছএছ। কৃষ্ণ গোপালৰ মতে, ‘‘৫ আগষ্টত ভূমিপূজাৰ পিছৰ পৰাই দেশজুৰি মানুহৰ ইচ্ছা, অযোধ্যাত গঢ়ি উঠক এটি অপূৰ্ব মন্দিৰ। সেই লক্ষ্যত এইবাৰ আমাৰ কেডাৰসকলে দেশজুৰি ৫ লাখ গাঁও ঘূৰিব। ইয়াৰ দ্বাৰা আমি ১০ কোটিৰো বেছি পৰিয়ালৰ কাষ চাপিম। আশাকৰো সকলোৰে পৰাই সাহায্য পাম।’’ তেওঁ ইয়াকো জনাইছে যে অনুদানৰ ন্যূনতম পৰিমাণ ১০ টকা। ইয়াৰ উপৰি ১০০ আৰু ১ হাজাৰ টাকাৰো কুপন থাকিব। ইয়াতকৈ বেছি বৰঙনি দিব বিচৰাসকলৰ বাবে পৃথক ৰচিদ থাকিব।
আনহাতে, যোৱা মাহতেই বিশ্ব হিন্দু পৰিষদে ঘোষণা কৰিছিল যে তেওঁলোকে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অনুদান সংগ্রহ কৰিব। ১৫ জানুৱাৰীৰ পৰা তেওঁলোকে অনুদান সংগ্রহৰ কাম আৰম্ভ কৰিব।












