![]()
নিউজ ডেস্কঃ
শেষকৃত্যৰ বাবে প্রয়োজনীয় ধন নিহতৰ একাউন্টৰ পৰা তুলিবলৈ মৃতদেহ লৈ বেঙ্কত উপস্থিত হ’ল স্থানীয় লোক। এই কাণ্ড ঘটিছে পাটনাত।
মৃত ব্যক্তি মহেশ যাদৱৰ উত্তৰাধিকাৰী বুলিবলৈ কোনো নাই। অবিবাহিত ব্যক্তিজনৰ বাবে প্রতিবেশীসকলেই আছিল সকলো। সেয়ে বেঙ্কত তেওঁৰ একাউন্টত নাছিল কোনো নমিনি। যোৱা মঙ্গলবাৰে মৃত্যু হয় ৬০ বছৰীয়া ব্যক্তিগৰাকী। অশ্ৰুসিক্ত নয়নেৰে সৎকাৰৰ দায়িত্ব নিজে কান্ধ পাতি লয় প্রতিবেশীসকলে। কিন্তু নাই ধন। কোনো কোনোৱে কয় ব্যক্তিগৰাকীৰ বেঙ্ক একাউন্টৰ কথা। পেছাত দিন মজুদুৰ মৃত মহেশৰ একাউণ্টত আছিল ১ লক্ষ ১৮ হাজাৰ টকা। সেয়ে সকলোৱে ভবা-চিন্তা কৰে স্থিৰ কৰে নিহত ব্যক্তিজনৰ বেঙ্ক একাউন্টৰ সঞ্চিত টকাৰেই হ’ব সৎকাৰ।
কিন্তু কেনেদৰে উলিয়াব বেংকৰ ধন?
তাৰ পিছত স্থানীয় লোকসকলে যি কৰিলে, তাত সকলো অবাক। মৃতদেহ লৈ চিধা গুচি যায় বেঙ্কলৈ। মৃতদেহ দেখুৱাই নিহতৰ একাউন্টৰ পৰা ২০ হাজাৰ টকা দাবী কৰে। কিন্তু এনেদৰে কোনো নিহত ব্যক্তিৰ একাউন্টৰ পৰা টকা দিয়া সম্ভৱ নহয় বুলি স্পষ্টভাৱে জনাই দিয়ে বেঙ্ক কর্তৃপক্ষই। লগে লগে উত্তেজিত হৈ পৰে স্থানীয় লোকসকল। প্রথমতে বেঙ্কৰ ভিতৰতেই বিক্ষোভ প্ৰদৰ্শন কৰে তেওঁলোকে।
ফলত গ্রাহক সেৱাত ব্যাঘাত জন্মে বেঙ্ক কর্মচাৰীসকলৰ। নিৰাপত্তাৰক্ষীৰ তৎপৰতাত বিক্ষোভকাৰীসকল বেঙ্কৰ বাহিৰ ওলাবলৈ বাধ্য হয়। বেঙ্কৰ দুৱাৰমুখত থিয় হৈও দীর্ঘ সময় বিক্ষোভ চলায়। এনেদৰে প্রায় ৩ ঘণ্টা পাৰ হয়। পিছত অৱশ্যে বেঙ্ক কর্মচাৰীসকলে বৰঙনি তুলি ১০ হাজাৰ টকা নিহতৰ প্রতিবেশীসকলৰ হাতত তুলি দিয়ে। বেঙ্কৰ স্পষ্ট কথা, কোনো উত্তৰাধিকাৰীয়ে নিহতৰ মৃত্যুৰ প্ৰমাণ-পত্ৰ আৰু অন্যান্য প্রমাণপত্র–সহ নির্দিষ্ট নিয়মত আবেদন কৰিলেহে সঞ্চিত টকা লাভ কৰিব। নহ’লে সেয়া কাকোৱে দিয়া সম্ভৱ নহয়।












