![]()
নিউজ ডেস্কঃ
কৰোনা সংক্রমণৰ পিছৰ পৰা ফোনৰ কলাৰ টিউনত স্বাস্থ্যবিধি সম্পর্কে সতর্ক কৰাৰ নিয়ম প্ৰৱৰ্তন হৈছে। সেই সতর্ক বাণীবোৰৰ ভিতৰত এটি বার্তাত শুনা যায় ‘বিগ বি’ অমিতাভ বচ্চনৰ কণ্ঠ। এইবাৰ কলাৰ টিউনৰ পৰা সেই কণ্ঠস্বৰ আঁতৰোৱাৰ বাবে দিল্লী হাইকোর্টত জনস্বার্থ জড়িত গোচৰ ৰুজু কৰা হ’ল। সংবাদ সংস্থাৰ সূত্রত এই কথা প্ৰকাশ।
উল্লেখ্য, ইমান দিনে বহুতেই অভিযোগ কৰি আহিচিল যে এই দীর্ঘ বার্তাৰ কাৰণে বহু জৰুৰী ফোন কৰাৰ সময়ত অকাৰণতে হাৰাশাস্তি খাবলগা হয় সাধাৰণ গ্রাহকসকল। সেই কাৰণে গ্রাহকসকলৰ কলাৰ টিউনটি মাজতে বন্ধ কৰাৰ এটি অপচন দিয়ে ট্রাই অর্থাৎ টেলি যোগাযোগ নিয়ন্ত্রক সংস্থাই। তাৰ পিছতো অৱশ্যে কৰোনা সতর্কবাণী সকলো ফোনতেই চলি আছিল।












