স্বাস্থ্য প্ৰতিবেদন:
জীৱনৰ গতি যিমান বাঢ়িছে, সিমানে খোৱা-লোৱাৰ অভ্যাস অনিয়মিত হৈছে৷ আৰু তাৰ সমানে সমানে বাঢ়িছে লাইফ ষ্টাইলৰ পাৰ্শ্বক্ৰিয়া। তেনে এক সমস্যা হ’ল এচিডিটি।
সাধাৰণতে বেছি ভজা-পোৰা-মচলাৰ খাদ্য খোৱা, অনিয়মিত খাদ্যাভ্যাস, দুশ্চিন্তা, ব্যায়াম নকৰা বা অতিৰিক্ত মদ্যপানৰ ফলত এচিডিটি হ’ব পাৰে। বদহজমৰ সমস্যা ৰুধিবলৈ আৰু পেট সুস্থ ৰাখিবলৈ সেয়ে গুৰুত্ব দিয়ক বিশেষ কেইটামান দিশত।
চেষ্টা কৰক প্রতিদিনে একে সময়তে পুৱাৰ চাহ, দুপৰীয়াৰ আহাৰ আৰু নৈশভোজন কৰাৰ। কমাই খাওক, সঘনাই খাওক। খাদ্য খোৱাৰ মাজত মোটামুটি তিনি-চাৰি ঘণ্টা সময়ৰ ব্যৱধান ৰাখিলে খাদ্য সহজতে হজম হ’ব। ৰেড মিট অর্থাৎ পঠাৰ মাংস যিমান সম্ভৱ এৰাই চলক।
ই কলেষ্টেৰল, ট্রাইগ্লিচাৰাইডৰ বাবে কিন্তু খুব এটা সুবিধাজনক নহয়। সেয়ে খাদ্য তালিকাত প্রোটিনৰ চাহিদা পূৰণৰ বাবে আস্থা ৰাখক মুৰ্গীৰ মাংসৰ ওপৰত। প্রোটিনৰ যোগান পূৰাবলৈ সিদ্ধ কণীও খাব পাৰে। কিন্তু আমলেট বা তেলত ভজা কণী এৰাই চলক।
চর্বিযুক্ত মাছ বা চালানি মাছ বাদ দি সামুদ্রিক মাছ মাজে মাজে খাওক। ইয়াৰ ফলত শৰীৰত কলেষ্টেৰলৰ মাত্রাও সঠিক থাকিব। চাহ-কফি এৰি গ্রিন টিত ভৰসা ৰাখক। মেটাবলিজিম বঢ়াই ওজন নিয়ন্ত্রণত ৰখাত সহায় কৰিব গ্রিন টিয়ে। গাকীৰ চাহ এৰাই চলক। মাজে সময়ে ডায়েট তালিকাত ডাবৰ পানীও ৰাখক।
প্রতিদিনে পুৱা খালী পেটত কুহুমীয়া পানীত নেমুৰ ৰস মিহলাই খাওক। ইয়াৰ ফলত শৰীৰৰ টক্সিন যিমান আঁতৰিব, তেনেদৰে শৰীৰত পানীৰ মাত্রাও নিয়ন্ত্রণত থাকিব৷ শৰীৰক আগৰ অৱস্থালৈ ঘূৰাই আনিবলৈ আৰু হজম শক্তি বৃদ্ধি কৰিবলৈ খাদ্যৰ শেষত নিয়মিত টেঙা দৈ ৰাখক। কামলৈ গ’লে লগত ৰাখক গোটা ফল।













