![]()
নিউজ ডেস্কঃ
পুখুৰীৰ পানীৰ পৰা অভিনৱ পদ্ধতিৰে বিদ্যুৎ উৎপাদন কৰি কামত লগালে কর্ণাটকৰ কৃষক চিদ্দাপ্পাই। যাৰ বাবে অভিনন্দন জনাইছে ভাৰতৰ প্রাক্তন ক্রিকেটাৰ ভিভিএছ লক্ষ্মনেও। ঘৰ একেবাৰে দুৰ্গম অঞ্চলত। নাই বিদ্যুৎ। সেয়ে নিজৰ উদ্যোগতেই চিদ্দাপ্পাই নিৰ্মাণ কৰে ৱাটাৰ মিল, যিয়ে পুখুৰীৰ পানীৰ পৰা উৎপাদন কৰিছে ১৫০ ৱাট বিদ্যুৎ। ইয়াৰ দ্বাৰা প্ৰায় ১০টি বাল্ব আৰু দুটা টিভি চলাব পৰা যায়। এইবাৰ সমগ্ৰ গাঁৱৰ ঘৰে ঘৰে বিদ্যুৎ উপলব্ধ কৰাব বিচাৰে চিদ্দাপ্পাই। অৱশ্যে তাৰ বাবে পুখুৰীত ১২ মাহে পানী থকাটো প্ৰয়োজন।
নিকটবর্তী নাৰাগান্ডৰ উইন্ড মিলৰ পৰা প্রথমবাৰ ৱাটাৰ মিল নিৰ্মাণ কৰাৰ ধাৰণা লাভ কৰে তেওঁ। তাৰ পিছত প্লাষ্টিকৰ নানা টিউব জোৰাই নিৰ্মাণ কৰে এটি ৱাটাৰ মিল। ঘৰৰ ওচৰৰ পুখুৰীত এই যন্ত্রটি বহুৱাই তাৰ পৰাই বিদ্যুৎ উৎপাদন কৰে তেওঁ। কিন্তু সমস্যা হৈছে গোটেই বছৰ পুখুৰীত পানী নাথাকে। নাথাকে পানীৰ গতিও। তাক লৈও দুশ্চিন্তাত আছে চিদ্দাপ্পাৰ।
টুইটাৰত কর্নাটকৰ এই কৃষকজনৰ কাহিনী দাঙি ধৰিছে ভিভিএছ লক্ষ্মনে। তেওঁ কয়, ‘মাত্র ৫০০০ টকাত এই ৱাটাৰ মিল তৈয়াৰ কৰিছে চিদাপ্পাই। ৱাটাৰ মিলটো ঘৰৰ কাষৰ সৰু এটি পুখুৰীৰ পানীৰ পৰা বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হৈছে। প্রায় ১৫০ ৱাট পর্যন্ত বিদ্যুৎ উৎপন্ন কৰিব পৰা যায় যন্ত্রটিৰে।’












